ইতিবাচক চিন্তাই কৰে ৰােগ প্ৰতিৰােধ

positive thinking health 0

বহুতাে ৰােগৰ পৰা উপশম লাভ তথা পৰিত্ৰাণৰ ক্ষেত্ৰত ঔষধতকৈও বেছি ফলদায়ক ইতিবাচক চিন্তা।

★ইতিবাচক চিন্তা ভাবনাই উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰে।

★ডায়েবেটিছ প্ৰতিৰােধতাে ইয়াৰ ভূমিকা আছে।

★টেনচন বা চাপৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰে ইতিবাচক চিন্তাই।

★হৃদৰােগ আদিৰ পৰাও হাত সাৰিব পাৰি।

★শৰীৰ-মনৰ মাজত ভাৰসাম্য ৰক্ষাত সহায়ক বুলি কোৱা হয়। কাৰণ যেতিয়া নেতিবাচক চিন্তাই গা কৰি উঠে তেতিয়া বিভিন্ন ধৰণৰ ৰােগে গা কৰি উঠে। তদুপৰি মনটো অস্থিৰ হয়। এনে অৱস্থাত শৰীৰ-মনৰ মাজত ব্যৱধান বাঢ়ে।এনে বৃদ্ধি পােৱা ব্যৱধানে শাৰীৰিক-মানসিক সমস্যাৰ সৃষ্টি কৰে।

★ইতিবাচক চিন্তাই হৃদৰােগ প্ৰতিৰােধ কৰে। কাৰণ যিমানেই টেনচনৰ মাজত সময় অতিবাহিত কৰে সিমানে ইয়াৰ পৰােক্ষ প্রভাৱ হৃদযন্ত্র আদিৰ ওপৰত পৰে।

★ষ্ট্ৰোক আদি প্ৰতিৰােধ কৰাৰ ক্ষেত্ৰতাে ইতিবাচক চিন্তাৰ গুৰুত্ব আছে।

★ইতিবাচক চিন্তাৰ ফলত শৰীৰৰ প্ৰতিটো অংগ প্রত্যংগই স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব পাৰে।

★সৃষ্টিশীল কামৰ প্রতি সকলােৰে আগ্রহ বৃদ্ধি পায়।

★টোপনিৰ সমস্যা বা নিদ্রাহীনতা আদিয়েও অতি সহজে গা কৰি উঠিব নােৱাৰে। যিমানেই মনত কুচিন্তাই বাহ লয় সিমানেই টোপনিৰ সমস্যাই গা কৰি উঠে। বহুতে টোপনিৰ বাবে ঔষধ আদি সেৱন কৰিলেও সময়ত টোপনি নাহে। ফলত সমস্যাই জটিল ৰূপ ধাৰণ কৰে। কুচিন্তাই নিদ্রা হৰণ কৰে। ইয়াৰ বিপৰীতে ইতিবাচক চিন্তাই নিদ্রা ভাল হােৱাত সহায় কৰে।

Exit mobile version