ৰোগ প্ৰতিৰোধী ক্ষমতা থকা আনাৰসৰ গুণ

2 2 2 3foodgroups fruits detailfeature thumb

গ্রীষ্মৰ ‘চি’ ভিটামিনযুক্ত ফলৰ ভিতৰত আনাৰসাে অন্যতম হিচাপে গণ্য কৰা হয়। এইবিধ ফলত ভিটামিন ‘চি’ৰ উপৰি আন বহুতাে খনিজ পদার্থ পােৱা যায় যিবােৰে শৰীৰ সুস্থ কৰাত সহায় কৰে। তদুপৰি ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিতে সহায়ক। ইয়াত প্ৰচুৰ পৰিমাণে পানী উপলব্ধ। সেই বাবে প্রচণ্ড গ্রীষ্ম প্রবাহৰ সময়ত এনে ধৰণৰ ফল গ্রহণৰ পাছত শৰীৰটোৱে সতেজ অনুভৱ কৰে।

এনে ফল গ্রহণৰ কিছু সময় পাছত শৰীৰটোৱে কাম কৰিবলৈ শক্তি পায়। আনাৰসত ভিটামিন ‘এ’ভিটামিন ‘বি’, ভিটামিন ‘চি’,ভিটামিন ই’, ভিটামিন ‘কে’ৰ উপৰি প্ৰটিন, চর্বি, ফাইবাৰ,কার্বোহাইড্রেট, কেলছিয়াম, পটাছিয়াম, ছেলেনিয়াম, ছ’ডিয়াম, ওমেগা৩, ওমেগাও, ফেটী এচিড, তাম, আয়ৰণ,এমাইনাে এচিড, এচিড, মেংগানিজ ফছফৰাছ আদি শৰীৰৰ প্রয়ােজনীয় উপাদান পােৱা যায়। এইবােৰ উপাদানৰ উপৰি আনাৰসত ব্রোমিলেইন নামৰ এবিধ গুৰুত্বপূর্ণ দ্রব্য থাকে। ইয়ে প্র’টিনক ভাঙি খাদ্য হজমত সহায় কৰে।

ব্রোমিলেইনে শৰীৰক অতিৰিক্ত প্রদাহৰ পৰা ৰক্ষা কৰে। তদুপৰি এইবিধ উপাদানে তেজ গােটমৰাত বাধা দিয়ে। বিশেষ ধৰণৰ টিউমাৰ, আথ্রাইটিছ, কৃমি,বদহজমৰ সমস্যা আদিৰ পৰা হাত সাৰিব পাৰি। অর্থাৎ আনাৰসত থকা বিভিন্ন পৰিমাণৰ উপাদানে শৰীৰটোক বিভিন্ন ৰােগৰ। আক্ৰমণৰ পৰা সুৰক্ষা প্রদান কৰে।

★আনাৰসত উচ্চ ক্ষমতাসম্পন্ন এন্টি অক্সিডেন্ট আছে। সেই বাবে ফ্রী ৰেডিকেলে সহজে ক্ষতিসাধন কৰিব নােৱাৰে।

★নিয়মীয়াকৈ নির্দিষ্ট পৰিমাণৰ আনাৰস খালে হৃদৰােগ, হাপানী, সন্ধি প্রদাহ, অষ্টিঅ’আথ্রাইটিছ, কোলন কেন্সাৰ ৰিউমিটয়েড আথ্রাইটিছ আদি হােৱাৰ আশংকা ভালেখিনি হ্রাস পায়।

★বয়স বৃদ্ধিৰ বাবে হােৱা দৃষ্টিশক্তিৰ সমস্যাও প্ৰতিৰােধ কৰে।

★আনাৰসত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। ইয়াৰ বিপৰীতে ছ’ডিয়াম একেবাৰে কম পৰিমাণ থাকে বাবে ফলবিধে হৃদৰােগ প্ৰতিৰােধ কৰিব পাৰে।

★ইয়াত থকা উপাদানে ষ্ট্ৰকৰ প্রৱণতাও হ্রাস পৰে।

★ আনাৰসে পেশী আৰু হাড়াে শক্তিশালী কৰাত সহায়ক।

★ফলবিধে কিডনী বা বৃক্কত পাথৰ জমা হােৱাত বাধা প্রদান কৰে।

★ইউৰিক এচিড আদি নষ্ট কৰিব পাৰে আনাৰসৰ বিভিন্ন উপাদানে।

★প্রজনন ক্ষমতা বৃদ্ধি কৰে।

★ছালখন মসৃণ হােৱাৰ উপৰি উজ্জ্বলাে হয়।

★অৱশ্যে খালী পেটত আনাৰস নােখােৱাটোৱে ভাল। ইয়াৰ পৰিৱর্তে আহাৰ গ্ৰহণৰ পাছত খালে কোনাে ধৰণৰ সমস্যাৰ সৃষ্টি হােৱাৰ আশংকা নাথাকে। যদিহে ফলবিধ খােৱাৰ পাছত কোনাে ধৰণৰ সমস্যাই গা কৰি উঠিছে তেতিয়াহ’লে শীঘ্ৰে বিষয়টো চিকিৎসক স’তে আলােচনা কৰিব লাগে।

Exit mobile version