ছনু ছুদুৰ সাহাৰ্য্য পুঁজিলৈ সহায় আগবঢ়ালে ছাৰা আলী খানে

Sara Ali Khan height

কৰ’নাৰ দ্বিতীয় ঢৌয়ে সমগ্ৰ দেশতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিভিন্ন ঠাইত চিকিৎসালয়ত বিছনাৰ অভাৱ, অক্সিজেনৰ অভাৱ । এই সময়ত বিভিন্নজনে বিভিন্ন ধৰণে আগবাঢ়ি আহিছে ৰোগীসকলক সহায় কৰিবলৈ।

ইয়াৰ লগে লগে সকলো সময়তে মানুহৰ হকে কাম কৰা ছনু ছুদু ব্যস্ত ৰোগীসকলক সহায় কৰাত । কৰ’নাৰ গুৰুতৰ লক্ষণ থকা সকলৰ বাবে বিনামূলীয়া জৰুৰীকালীন চিকিৎসা সেৱা প্ৰদান কৰি আছে অভিনেতাগৰাকীয়ে ।

ছনুৱে নিজেই এটা সাহায্য পুঁজিও তৈয়াৰ কৰিছে। অভিনেত্ৰী ছাৰা আলী খানেও অলপতে ছনুৰ সাহাৰ্য্য পুঁজিলৈ সাহাৰ্য্য আগবঢ়াইছে |

ছাৰাৰ এই পদক্ষেপত সুখী, ছনু ছুদে টুইটাৰত এটা প’ষ্টৰ জৰিয়তে ছাৰাৰ প্ৰশংসা কৰে। তেওঁ কয় যে তেওঁ ছাৰাক লৈ গৌৰৱান্বিত। অভিনেতাজনে মানুহক ভৱিষ্যতে তেওঁলোকৰ কাষত থিয় হ’বলৈ আৰু অধিক সহায় কৰিবলৈ উৎসাহিত কৰিছিল।

ছনুৰ মতে, ছাৰাৰ কামে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু তেওঁলোকে কঠিন সময়ত দেশক সহায় কৰিবলৈও আগ্ৰহী হ’ব।

অভিনেতাগৰাকীয়ে ছাৰাক কামটোৰ বাবে ‘নায়ক’ বুলি অভিহিত কৰিছে। অভিনেতাজনে লিখিছিল, “সাহায্য পুঁজিত সহায় কৰাৰ বাবে ছাৰা আলী খানক বহুত ধন্যবাদ। মই তোমাক লৈ গৌৰৱান্বিত। তুমি দেশৰ যুৱ প্ৰজন্মক এই কঠিন সময়ত দেশৰ জনসাধাৰণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে। তুমি এজন হেৰৌ। “

ছাৰাই কৰ’নাৰ এই পৰিস্থিতিত তেওঁৰ সামাজিক মাধ্যমৰ প’ষ্টৰ জৰিয়তে মানুহৰ কাষত থিয় দিবলৈ চেষ্টা কৰিছে। কেতিয়াবা সহায় কৰিবলৈ অভিনেতা ছনুক এটা প’ষ্টত টেগ কৰিছিল।

Exit mobile version