ছলমানৰ ৰাধে’ৰ লভ্যাংশ যাব কৰ’নাৰ ত্রাণলৈ

70305128

কৰ’না ভাইৰাছৰ বাবে সমগ্র দেশত সম্প্রতি হাহাকাৰ অৱস্থা। পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ চৰকাৰৰ লগতে ত্রাণ সামগ্রী লৈ আগবাঢ়ি আহিছে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা অন্যান্য ক্ষেত্ৰৰ তাৰকাসকলাে।

এনে অৱস্থাত পিছ পৰি ৰােৱা নাই বলিউদৰ ভাইজান ছলমান খানাে। ইতিমধ্যেই নিজৰ ৰেস্তোৰাঁৰ পৰা ছলমানে ক’ভিড যােদ্ধাৰ বাবে বিনামূলীয়া খাদ্য যােগান ধৰিছিল।

এইবাৰ তেওঁৰ নতুন ছবিৰ লভ্যাংশ দান কৰিব কৰ’নাৰ ত্ৰাণত। অহা ১৩ মে’ত মুক্তি লাভ কৰিব ছলমান অভিনীত ‘ৰাধে : ইয়’ৰ ম’ষ্ট ৱান্টেড ভাই’ ছবিয়ে। বহুল আলােচিত এই ছবিখন চিত্ৰগৃহৰ লগতে অটিটি প্লেটফৰ্মৰ জি ফাইভৰ পে’ পাৰ ভিউ ছাৰ্ভিচ ‘জি পেক্স’ত মুক্তি দিয়া হ’ব।

ছবিৰ প্রযােজক সংস্থা জি এণ্টাৰটেইনমেন্ট এণ্টাৰপ্ৰাইজ তথা ছলমান খান ফিল্মছৰ তৰফৰ পৰা জনাইছে যে ছবিখনৰ পৰা হােৱা উপার্জনৰ এটা অংশ কৰ’নাৰ ত্ৰাণৰ কামত ব্যৱহাৰ কৰা হ’ব।

ছবিৰ নিৰ্মাতাসকলে কয় যে উপার্জনৰ এটা অংশ গিভ ইণ্ডিয়া’ মঞ্চৰ অংশীদাৰৰূপে প্রয়ােজনীয় চিকিৎসাৰ সৰঞ্জাম ক্রয়ৰ বাবে ব্যয় কৰা হ’ব। লগতে ছবিখনৰ লভ্যাংশৰে ‘জি’ আৰু ‘এছ কে এফ’ ভাৰতৰ বিনােদন বিনােদন জগতৰ শ্ৰমিকসকলক সাহায্য কৰিব।

জি এণ্টাৰটেনিমেন্ট এণ্টাৰপ্ৰাইজৰ এজন মুখপাত্রই কয়, ‘দেশৰ এই কঠিন সময়ত দৰ্শকক কেৱল বিনােদন দিয়াই আমাৰ একমাত্র উদ্দেশ্য নহয়। এই মুহূর্তত আমি দেশবাসীৰ কাষত থিয় দিব বিচাৰাে। আশা ৰাখিছাে, নতুন চিনেমা ‘ৰাধে’ই মুক্তি পােৱাৰ পাছত লভ্যাংশৰ পৰা যি পৰিমাণৰ ধন আমি কৰ’না ত্রাণত দান কৰিম, তাত অনেক মানুহৰ সহযােগ পাম।

Exit mobile version