এইবাৰ ইনষ্টাগ্রামে মচিলে কংগনাৰ প’ষ্ট, কি ক’লে অভিনেত্রীয়ে ?

Kangana Ranaut Image

প্রায়ে বিতর্কিত মন্তব্য প্ৰকাশ কৰি অহা বলিউড অভিনেত্রী কংগনা ৰণৌটৰ টুইটাৰ একাউণ্ট অলপতে মাইক্র’ ব্লগিং সংস্থাটোৱে স্থায়ীভাৱে বন্ধ কৰিছিল।

এইবাৰ কংগনাৰ এটা পষ্ট ডিলিট কৰিলে ইনষ্টাগ্রামে। অভিনেত্রীগৰাকী অলপতে ক’ভিডত আক্রান্ত হৈছিল আৰু এই কথা সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ ৰাজহুৱা কৰিছিল।

কিন্তু হঠাতে ইনষ্টাগ্রামে কংগনাৰ উক্ত পষ্ট মচি দিয়ে। ইয়াৰ পাছতে ইনষ্টাগ্ৰামৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে বলিউড অভিনেত্রীগৰাকীয়ে।

কংগনাই ক’ভিড পজিটিভ হােৱাৰ কথা ৰাজহুৱা কৰি ইনষ্টাগ্রামত এক প’ষ্টত কৈছিল, আপােনালােকে ভয় নাখাব, ই এক ধৰণৰ সাধাৰণ ফ্ল’ । কংগনাৰ এই প’ষ্ট কিছু সময়ৰ পাছতে ইনষ্টাগ্রামে মচি দিছিল।

ইয়াৰ পাছত প্রতিক্রিয়া প্রকাশ কৰি কংগনাই কয়, ইনষ্টাগ্রামে মােৰ এটা প’ষ্ট ‘ডিলিট’ কৰি দিলে, য’ত মই ক’ভিডক ধ্বংস কৰাৰ ধমক দিছিলাে। হয়তাে মােৰ মতামতে কাৰােবাক আঘাত হানিলে।

টুইটাৰত সন্ত্রাসবাদী আৰু কমিউনিষ্টৰ প্রতি সহানুভূতি থকা ব্যক্তিৰ কথা শুনিছিলাে, কিন্তু ক’ভিড ফেন ক্লাবৰ কথা শুনা নাছিলাে। বাহ, আচৰিত। ইনষ্টাগ্রামত মােৰ দুদিন হ’লকিন্তু এনে লাগিছে ইয়াত এসপ্তাহ টিকি থকা কঠিন হ’ব।

Exit mobile version