ক’ভিড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব লাগে জানি লওক

media handler 3

সমগ্ৰ দেশতে ক’ভিড টিকাকৰণ তৃতীয় পৰ্যায় ইতিমধ্যে আৰম্ভ হৈছে। যদিও কিন্তু বহুতে ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ প্ৰতি ভয় কৰি আছে। যদি টিকাকৰণৰ পাছত মৃদু জ্বৰ, ভাগৰ, বিষ বা বমিৰ দৰে কিছুমান পাৰ্শ্বক্ৰিয়া দেখে, আপুনি জানিব যে এইটো এটা ভাল খবৰ। কাৰণ ইয়াৰ অৰ্থ হৈছে যে ভেকছিনে আপোনাৰ শৰীৰত কাম কৰিছে । এই লক্ষণবোৰ ক’ভিডৰ স’তে একে। সাধাৰণতে ই ৪৮ ঘণ্টাৰ ভিতৰতে হয়। কিন্তু এই পাৰ্শ্বক্ৰিয়াবোৰ অলপ অস্বস্তিকৰ হ’ব পাৰে। গতিকে ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব লাগে জানি লওক।

বিষ হ্ৰাস কৰা ঔষধ

টিকাকৰণৰ পিছত হাতত বিষ হ’ব পাৰে। আপুনি গোটেই শৰীৰত বিষ অনুভৱ কৰিব পাৰে। এতিয়ালৈকে কোনো বৈজ্ঞানিক তথ্য আমাৰ দৃষ্টিগোচৰ হোৱা নাই যে বিষ হ্ৰাসকৰা ঔষধ গ্ৰহণ কৰিলে ভেকছিনৰ প্ৰভাৱ হ্ৰাস হ’ব। কিন্তু চিকিৎসকসকলে অনুভৱ কৰে যে টিকাকৰণৰ পাছত পেইনকিলাৰ গ্ৰহণ নকৰাই ভাল।

জ্বৰ

টিকাকৰণ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে বহুতৰ মৃদু জ্বৰ হয়। বিশেষকৈ দ্বিতীয় পালিৰ পাছত। আপুনি পেৰাচিটামলৰ দ্বাৰা জ্বৰ হ্ৰাস কৰিব পাৰে।

বমিৰ অনুভৱ

টিকাকৰণ কৰাৰ পাছত অলপ ওকালি অহাটোও অস্বাভাৱিক নহয়। নেমু পানী, আদা চাহ বা জালুক খোৱাটো ভাল হ’ব। আপুনি কি খাই আছে তাৰ ওপৰত যত্ন ল’ব। অত্যাধিক তেলেতীয়া খাদ্য নোখোৱাই ভাল। প্ৰচুৰ পৰিমাণে পানী খোৱাটোও গুৰুত্বপূৰ্ণ। শৰীৰৰ ভাগৰ হ্ৰাস কৰক। পানীৰ উপৰিও, আপুনি ফলৰ ৰস, বাটাৰমিল্ক, নাৰিকল পানী, লাচি, ফল আৰু পাচলিৰ স্মুদিও খাব পাৰে। যাতে কোনো ধৰণে ডিহাইড্ৰেচন নহয় তাৰ যত্ন লোৱা উচিত।

কৰ’না ৰোগীৰ আহাৰ

ভেকছিনটো যি হাতত দিয়া হৈছে তাৰ ফলত কেইঘণ্টামানৰ ভিতৰত ফুলা বিষ হ’ব পাৰে। এইটো এটা ক’ভিড-আৰ্ম। বিষউপশম কৰিবলৈ আপুনি বৰফ প্ৰয়োগ কৰিব পাৰে। বৰফ প্ৰয়োগ কৰিলে হাতৰ ফুলা বা চোকোৰা হ্ৰাস হ’ব। হাতত কিছুমান সৰল ব্যায়াম কৰিব পাৰে।

শৰীৰত বিষ

শৰীৰৰ ভাগৰ বা বিষ হ্ৰাস কৰিবলৈ, অলপ গৰম পানীত নিমখ যোগ দিয়ক আৰু গা ধুওক। দিনটোৰ শেষত, আপুনি গৰম পানীৰ পাত্ৰ এটাত পানী দি নিমখৰ স’তে আপোনাৰ ভৰি ডুবাই ৰাখিব পাৰে।

শৰীৰ চর্চা

টিকাকৰণৰ পাছত পাতল ব্যায়াম বা যোগাভ্যাসও উপকৃত হ’ব। কিন্তু মনত ৰাখিব, শৰীৰটোক বিশ্ৰাম দিয়াৰ প্ৰয়োজন। একেৰাহে শুব লাগিব, পৰ্যাপ্ত বিশ্ৰাম ল’ব লাগিব আৰু কিছু উশাহ-নিশাহৰ ব্যায়াম কৰিব লাগিব। খৰখেদাকৈ কঠোৰ পৰিশ্ৰম আৰম্ভ নকৰিব।

Exit mobile version