কৰ’নাক দূৰতে বিদূৰ কৰিলে ১০৩ বছৰীয়া বৃদ্ধই

103 yer old man 1 202105195410

কৰ’না ভাইৰাছক টিলিকতে উৰুৱাই সুস্থ হৈ উঠিল এজন ১০৩ বছৰীয়া বৃদ্ধ। এই বৃদ্ধজন হৈছে মহাৰাষ্ট্রৰ পালঘৰৰ বীৰেন্দ্ৰ নগৰ অঞ্চলৰ বাসিন্দা চমৰাও ইংগল।

ক’ভিডত আক্রান্ত হােৱাৰ পাছত ইংগলক পালঘৰৰ গ্রাম্য চিকিৎসালয়ত ভর্তি কৰােৱা হৈছিল। শনিবাৰে তেওঁক সুস্থ হােৱাৰ বাবে হাস্পতালৰ পৰা মুকলি কৰি দিয়া হয়।

জিলা উপায়ুক্তৰ এজন মুখপাত্রই এই কথা সদৰী কৰিছে। হাস্পতালৰ ক’ভিড চিকিৎসকৰ মতে শতায়ু গৰকা বৃদ্ধজনে ক’ভিডৰ চিকিৎসাত দুর্দান্তভাৱে সঁহাৰি জনাইছে।

হাস্পতালৰ কৰ্মীসকলৰ স’তেও তেওঁ সুন্দৰ সহযােগিতা আগবঢ়াইছিল। শনিবাৰে তেওঁ হাঁহিমুখেৰে হাস্পতালৰ পৰা বিদায় লয়। পালঘৰ জিলাৰ উপায়ুক্ত মাণিক গুৰছাল আৰু হাস্পতালৰ কৰ্মীসকলে ফুলৰ থােপাৰে বৃদ্ধজনক বিদায় দিয়ে।

উল্লেখ্য যে মহাৰাষ্ট্রৰ পালঘৰ জিলাতে এই পর্যন্ত ৯৫ হেজাৰ লােক ক’ভিডত আক্রান্ত হােৱাৰ উপৰি ইয়াৰে প্ৰায় এহেজাৰ আঠশ ৰােগীৰ মৃত্যু হৈছে।

Exit mobile version