কৰ’না ভাইৰাছক ‘জৈৱ অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা ২০১৫ৰ !

চীনৰ নথিক লৈ চাঞ্চল্যকৰ ৰিপ'ৰ্ট

crispr getty 845814134 trans NvBQzQNjv4Bqeo i u9APj8RuoebjoAHt0k9u7HhRJvuo ZLenGRumA

পাঁচ বছৰ পূৰ্বেই ছাৰ্ছ কৰ’না ভাইৰাছক ‘জৈৱ’ অস্ত্ৰ ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছিল । চীনৰ ফাদিল হোৱা এক নথিত এই চাঞ্চল্যকৰ তথ্য লাভ কৰা হৈছে । এই নথি লাভ কৰিছে সাপ্তাহিক সংবাদ পত্ৰিকা ‘উইকেণ্ড অষ্ট্ৰেলিয়ানে’ । নথিৰ তথ্য দাঙি ধৰি তেওঁলোকৰ দাবী, অতিমাৰীৰ পূৰ্বে ২০১৫ তে সকলো পৰিকল্পনা কৰিছিল চীনৰ সামৰিক বিজ্ঞানীসকলে । ছাৰ্ছ কৰ’না ভাইৰাছ হৈছে এক প্ৰকাৰৰ ‘জেনেটিক অস্ত্ৰ’, যাক কৃত্ৰিম প্ৰক্ৰিয়াত মাৰণ ভাইৰাছত ৰূপান্তৰিত কৰা হৈছে ।

ফাদিল হোৱা নথিৰ সত্যতা নিৰূপণৰ বাবে পৰ্যৱেক্ষণৰ দায়িত্ব দিয়া হৈছিল নিৰাপত্তা বিশেষজ্ঞ ৰবাৰ্ট পটাৰক । তেওঁ জনায়, ‘চীনৰ নথিটো ভুৱা নহয় । কিন্তু ইয়াত উল্লেখিত তথ্যসমূহ গৱেষকসকলেই বিশ্লেষণ কৰিব লাগিব, বিষয়টো কিমান গুৰুত্বপূৰ্ণ ।’

উইকেণ্ড অষ্ট্ৰেলিয়ানে জনায়, চীনৰ নথিটোৰ নাম ‘দ্য আননেচাৰেল অৰিজিন অৱ ছাৰ্ছ এণ্ড নিউ স্পেছিছ অৱ মেন-মেড ভাইৰাছেছ এজ জেনেটিক বায়’উইপন’ । নথিটোত চীনৰ গৱেষকসকলে ধাৰণা কৰিছে যে, তৃতীয় বিশ্বযুদ্ধ ‘জৈৱ অস্ত্ৰৰে’ । সেয়ে ছাৰ্ছ কৰ’না ভাইৰাছক মাৰণ ভাইৰাছ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল চীনে ।

এই বিষয়ত ‘দ্য অষ্ট্ৰেলিয়ান ষ্ট্ৰেটেজিক পলিচী ইনষ্টিটিউট’ৰ এগজিকিউটিভ ডিৰেক্টৰ পিটাৰ জেনিংছে কয়, ‘নথিৰ পৰা স্পষ্ট যে, কৰ’না ভাইৰাছৰ বিভিন্ন প্ৰজাতিক কেনেকৈ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় । এই বিষয়তেই গৱেষণা কৰিছিল গৱেষকসকলে ।’ তেওঁৰ মন্তব্য, সেয়ে কৰ’না ভাইৰাছৰ উৎপত্তি বিষয়ক গৱেষণাত উৎসাহ নেদেখুৱাই চীনে । তেওঁ কয়, ‘এই ভাইৰাছৰ বজাৰত উৎপত্তি হোৱা হ’লে চীনেও ভাইৰাছৰ উৎপত্তিক লৈ আগ্ৰহী হ’ল হয় ।’

Exit mobile version