উৰ্খাও গৌৰা ব্ৰহ্মক মন্ত্রীত্ব প্ৰদানত অভিনন্দন বিভিন্ন দল সংগঠনৰ

Urkhao Gwra Brahma

অসম মন্ত্রী সভাত ইউপিপিএল ৰ জেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মক কেবিনেট মন্ত্রী হিচাপে দায়িত্বভাৰ দিয়াত উৎফুল্লিত হৈছে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ।

ADVERTISEMENT

আজি আক্রাছুৰ প্ৰাক্তন সভাপতি তথা কেএচিৰ ইএম কৰ্মেশ্বৰ ৰায়ে উৰ্খাও গৌৰা ব্ৰহ্মক অভিনন্দন জ্ঞাপন কৰি কয় যে বিটিআৰৰ জেষ্ঠ ৰাজনীতিবিদ তথা সুলেখক উৰ্খাও গৌৰা ব্ৰহ্মই মন্ত্রীত্ব লাভ কৰাত আমি নথৈ আনন্দিত হৈছো।

উৰ্খাও গৌৰা ব্ৰহ্মই ভৱিষ্যতে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ লগতে অসমৰ সৰ্বাঙ্গিন উন্নয়ন কৰি অসমখনক ভাৰত তথা বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিব।

ইয়াৰ লগতে সদৌ বিটিআৰ অনুসূচীত জাতিৰ ছাত্র সন্থাৰ সম্পাদক সুজিত দাস, দোতমা প্ৰেছ ক্লাৱৰ সভাপতি কৃষ্ণ বৰ্মন, সম্পাদক ৰমেশ মিশ্ৰা,সহঃ সম্পাদক ধনকেশ বৰ্মনে উৰ্খাও গৌৰা ব্ৰহ্মই মন্ত্রীত্ব লাভ কৰাত তেখেতলৈ অভিনন্দন জ্ঞাপন কৰে।

লগতে দোতমা প্ৰেছ ক্লাৱৰ সহঃ সম্পাদক ধনকেশ বৰ্মনে নব গঠিত মিত্রজোটৰ চৰকাৰখনক শুভকামনা জনায় আৰু আগন্তুক দিনত চৰকাৰখনে যাতে ভালদৰে যাতে কাম কৰে তাৰে কামনা কৰে লগতে উৰ্খাও গৌৰা ব্ৰহ্মই বিধানসভাৰ মজিয়াত যাতে সকলো জাতি জনগোষ্ঠীৰ হৈ মাত মাতে তাৰে আহ্বান জনায়।

Exit mobile version