দিল্লীত সফল তলাবন্ধ, ৰোধ হৈছে কৰ’নাৰ দ্বিতীয় ঢৌ

সম্প্ৰতি প্ৰয়োজন প্ৰতিষেধকৰ সৰবৰাহ, দাবী কেজৰিৱালৰ

pti07 06 2020 000061b 1591615338

সংক্ৰমণৰ দ্বিতীয় ঢৌ ৰোধ কৰিবলৈ সক্ষম হৈছে দিল্লী । তলাবন্ধ অৱলম্বন কৰিয়ে এই সফলতা অৰ্জন কৰিছে বুলি দাবী জনায় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । চলিত গতিত প্ৰতিষেধক প্ৰস্তুত কৰিলে সমগ্ৰ দেশবাসীক প্ৰতিষেধক প্ৰদান কৰা পৰ্যন্ত সংক্ৰমণৰ ঢৌ অত্যধিক হাৰত বৃদ্ধি পাব পাৰে বুলি শংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মংগলবাৰে এক সংবাদ মেল আয়োজন কৰি দিল্লীৰ কৰ’না পৰিস্থিতিৰ ব্যাখ্যা কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে । তেওঁ জনায় যে, বিগত কিছুদিনত দিল্লীত কৰ’না আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে । দিল্লীত হোৱা অক্সিজেনৰ নাটনিও সম্প্ৰতি নিয়ন্ত্ৰণত । লগতে হাস্পতালত সাধাৰণ শয্যা আৰু আইচিইউৰো কোনো অভাৱ নাই বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘তলাবন্ধৰ সুফল লাভ কৰিছে দিল্লীয়ে, সংক্ৰমণৰ দ্বিতীয় ঢৌক ৰোধ কৰা হৈছে । সম্প্ৰতি অক্সিজেন বা আইচিইউ বিছনাৰ অভাৱ নাই ।’

দিল্লীবাসীৰ কৰ’না টিকাকৰণক লৈ চৰকাৰ চিন্তিত । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘সম্প্ৰতি আমাৰ এটাই লক্ষ্য । টিকাকৰণ । সম্প্ৰতি দিল্লীত কেৱল প্ৰতিষেধকৰে অভাৱ আছে ।’

তেওঁ জনায় যে, সম্প্ৰতি দিল্লীত দৈনিক ১.২৫ লাখ প্ৰতিষেধক প্ৰদান কৰা হৈছে । শীঘ্ৰে টিকাকৰণৰ পৰিমাণ বৃদ্ধি কৰি তিনি লাখ কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে । মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘আমি আগন্তুক তিনি মাহত প্ৰত্যেক দিল্লীবাসীৰ টিকাকৰণৰ লক্ষ্য স্থিৰ কৰিছো ।’

আজি টিকাকৰণৰ প্ৰসংগত কেন্দ্ৰক উৎপাদন বৃদ্ধি কৰিবলৈও অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰয়োজনত আৰু অধিক সংখ্যক সংস্থাক প্ৰতিষেধক উৎপাদনৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ‘প্ৰতিষেধকৰ চাহিদা বৃদ্ধি পাইছে । অনাগত সময়ত ভাৰতক কৰ’না মুক্ত কৰিবৰ বাবে প্ৰচুৰ পৰিমাণৰ প্ৰতিষেধকৰ প্ৰয়োজন । এই বিপুল চাহিদা পূৰণ কৰিবৰ বাবে কেন্দ্ৰ‌ই কিছুসংখ্যক সংস্থাৰ মাজত প্ৰতিষেধক উৎপাদনৰ দায়িত্ব বিতৰণ কৰি দিব লাগে ।’

এই বিষয়ত এক পৰিসংখ্যা উল্লেখ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘ভাৰতত এই পৰ্যন্ত মাহেকত মাত্ৰ ছয়-সাত কোটি প্ৰতিষেধক উৎপাদন হয় । এই গতিত উৎপাদন কৰিলে দেশৰ সকলোকে প্ৰতিষেধক প্ৰদান কৰোতে দুবছৰ পাৰ হৈ যাব । ইমান দিনত আৰু বহু ঢৌ আহিব পাৰে দেশত ।’

দিল্লী চৰকাৰৰ হাতত থকা প্ৰতিষেধকেৰে আৰু কিছুদিনহে টিকাকৰণ কৰিব পৰা যাব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰক এই বিষয়ে অৱগত কৰি সাহায্য‌ও বিচাৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে ।

Exit mobile version