দিল্লীৰ চিকিৎসালয়ৰ ৮০ জন চিকিৎসক কৰ’নাত আক্ৰান্ত

covid doctor660 090421052431

এমাহত ৮০ জন চিকিৎসক কৰ’নাত সংক্ৰমিত । তেওঁলোকৰ ভিতৰত এজন ৫৮ বছৰীয়া শল্য চিকিৎসক আছিল । দুটা পালিৰ ভেকছিন লৈও শেষত ৰক্ষা নহ’ল । শনিবাৰে চিকিৎসকগৰাকীৰ মৃত্যু হয়। এই ভয়ংকৰ ছবি দিল্লীৰ এখন ক’ভিড চিকিৎসালয়ৰ।

সূত্ৰ অনুসৰি, ৮০ জন কৰ’না আক্ৰান্ত চিকিৎসকৰ ভিতৰত ১২ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকীবোৰ গৃহ কোৱাৰেন্টাইন হৈছে।

চিকিৎসালয়ৰ জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ একে ৰাৱটে চিকিৎসালয়খনত প্ৰায় ২৭ বছৰ ধৰি চিকিৎসা কৰি আছিল। কৰ’নাৰ ফলত তেওঁৰ মৃত্যুৰ খবৰে বাকী চিকিৎসকসকলকো হতবাক কৰে। প্ৰতিবেদনত কোৱা হৈছে যে ৰাজধানীৰ চিকিৎসালয়ৰ তিনিশতকৈও অধিক চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হৈছে ।

চিকিৎসালয়ৰ চিএমঅ’ ডাঃ পিকে ভৰদ্বাজে কয়, ‘ডাঃ এ কে ৰাৱত মোৰ কনিষ্ঠ আছিল। তেওঁ বৰ সাহসী আছিল। তেওঁ ভেকছিনৰ ওপৰত বিশ্বাস কৰিছিল। তেওঁৰ প্ৰাণ কাঢ়ি নিলে মাৰাত্মক ভাইৰাছে ।”

কৰ’নাৰ বিৰুদ্ধে যুঁজত জীয়াতু ভুগিব লগা হৈছে আগশাৰীৰ যোদ্ধাসকলে । এই কথা পুনৰ প্ৰমাণ কৰিলে দিল্লীৰ এই ক’ভিড চিকিৎসালয়ৰ ঘটনাটোৱে । দিল্লীৰ চিকিৎসালয়সমূহে জনাইছিল যে, কেইসপ্তাহমান পূৰ্বে অক্সিজেনৰ অভাৱৰ বাবে চিকিৎসা বন্ধ হৈ গৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কেন্দ্ৰক দিল্লীক যিকোনো ধৰণে প্ৰয়োজনীয় অক্সিজেন দিবলৈ নিৰ্দেশ দিছে ।

Exit mobile version