প্ৰায় ৪০ দিনৰ পাছত ৪০ হেজাৰৰ নিম্নগামী হ’ল মহাৰাষ্ট্ৰৰ দৈনিক আক্ৰান্তৰ সংখ্যা

hospitalcoronavirus 770x433 1

মহাৰাষ্ট্ৰৰ দৈনিক আক্ৰান্তৰ সংখ্যা উল্লেখযোগ্য হাৰত হ্ৰাস পাইছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৩৭ হেজাৰ ২৩৬ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । প্ৰায় ৪০ দিনৰ পাছত মহাৰাষ্ট্ৰৰ সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে ।

কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ লগে লগে অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হয় মহাৰাষ্ট্ৰত । ৰাজ্যখনত বিগত কিছু সপ্তাহত সংক্ৰমণৰ হাৰ ৬০ হেজাৰৰো অধিক হৈছিল । সোমবাৰে এই সংখ্যা ৪০ হেজাৰতকৈও কম হয় । এক এপ্ৰিলৰ পাছত এইয়ে প্ৰথম । এক এপ্ৰিলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা আছিল ৩৯ হেজাৰ ৫৪৪ জন । দৈনিক সংক্ৰমণ হ্ৰাস পালেও এই পৰ্যন্ত দেশৰ সক্ৰিয় ক’ভিড ৰোগীৰ হাৰ সৰ্ব্বোচ্চ মহাৰাষ্ট্ৰতে, ৫.৯৩ লাখ ।

বৃহন্মুম্বাই পৌৰ নিগমে সোমবাৰে জনায়, মুম্বাইত এহেজাৰ ৭৯৪ জন লোক ক’ভিড-১৯ত সংক্ৰমিত হৈছে আৰু ৭৪ জনৰ মৃত্যু হৈছে । মুম্বাইত ৪৫,৫০০ জন সক্ৰিয় ক’ভিড ৰোগী আছে । এই পৰ্যন্ত মহাৰাষ্ট্ৰত তলাবন্ধ অব্যাহত আছে । আগন্তুক ১৫ মে’ পৰ্যন্ত চলিব এই বিধিনিষেধ ।

Exit mobile version