ভুলবশতঃ এগৰাকী মহিলাক ছবাৰ দিয়া হ’ল কৰ’না প্ৰতিষেধক

vaccine 8

ভুলবশতঃ এগৰাকী মহিলাকে প্ৰতিষেধকৰ ছয় পালি দিলে নাৰ্ছে । ইটালীত দেওবাৰে টিকাকৰণ কাৰ্যসূচীত এই ঘটনা সংঘটিত হয় । ইটালীত বহুদিনৰ পৰা টিকাকৰণ কাৰ্যসূচী অব্যাহত আছে । অৱশ্যে টিকাকৰণত বিশেষ কোনো সমস্যাৰ খবৰ পোৱা নাযায় । অতিৰিক্ত পৰিমাণৰ প্ৰতিষেধক লাভ কৰা মহিলাগৰাকীৰ শৰীৰত অৱশ্যে কোনো সমস্যা পৰিলক্ষিত নহয় । প্ৰাথমিকভাৱে চিকিৎসকৰ পৰ্যৱেক্ষণত ৰখা হয় যদিও সুস্থভাৱেই ঘৰলৈ উভতে মহিলাগৰাকী ।

স্থানীয় সংবাদ সূত্ৰ অনুসৰি, নাৰ্ছৰ কাষত প্ৰতিষেধকৰ এটা চিচি আৰু ছটা চিৰিঞ্জ আছিল । তেওঁ এটা চিৰিঞ্জতে গোটেই চিচি ভৰাই দিয়ে । তাৰ পাছত এটা চিৰিঞ্জৰ সম্পূৰ্ণ প্ৰতিষেধক দিয়ে এগৰাকী মহিলাৰ শৰীৰত । অজানিতে তেওঁ মাৰাত্মক ভুল কৰে ।

স্থানীয় চিকিৎসকে জনায়, চিকিৎসকসকলে প্ৰতিষেধক প্ৰদান কৰা মহিলাগৰাকীৰ স্বাস্থ্য পৰ্যৱেক্ষণ কৰি আছে । এই পৰ্যন্ত তেওঁলোক নিশ্চিত নহয় যে মহিলাগৰাকীক দ্বিতীয়বাৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব নে নাই ? এই ঘটনাৰ ফলত মহিলাগৰাকী দীৰ্ঘম্যাদী কোনো সমস্যাৰ সন্মুখীন হ’ব নেকি ? অৱশ্যে প্ৰতিষেধক লাভ কৰা মহিলাগৰাকী সেই চিকিৎসালয়ৰে কৰ্মী হোৱা বাবে পৰ্যৱেক্ষণত ৰখাত সুবিধা হৈছে বুলি মত পোষণ কৰে চিকিৎসকসকলে ।

Exit mobile version