মধুৰি পাতৰো আছে উপকাৰিতা

জানি লওক এই সাতটা স্বাস্থ্যকৰ গুণ

GettyImages guava leaves 1200

★ গৱেষণাত দেখা গৈছে কেন্সাৰ ৰোগীক এই পাতৰ ৰস খোৱালে কেন্সাৰৰ কোষ গঠন প্ৰক্ৰিয়া বন্ধ হয়, বিশেষকৈ ব্ৰেষ্ট কেন্সাৰ ।

★পেটৰ আলচাৰ, গ্ৰহণী, পেটৰ বিষ, ডায়েৰীয়া আদিত কোমল মধুৰি পাতৰ ৰস অমৃত স্বৰূপ । তেজ গ্ৰহণী হলে ইয়াৰ পাতৰ ৰস বা কোমল পাত পাতত দি খালী পেটত খালে বহুত উপকাৰ পোৱা যায় ।

★এন্টিবেক্টেৰিয়েল মধুৰিৰ পাতৰ ৰসে পায়েৰীয়া, দাঁতৰ বিষ আদি মুখৰ ভিতৰৰ ৰোগ উপশম কৰে ।

★ফুড পইজনিং হলে মধুৰিৰ পাতৰ ৰস খাব লাগে ।

★ ছালৰ বিভিন্ন বেমাৰত মধুৰিৰ পাতৰ ৰস লগাব লাগে।

★ পেটচলা ৰোগত মধুৰি আমৰ তিনি/চাৰিটা আগ খুন্দি পানীৰ স’তে মিহলাই খালে সহজে উপশম পাব ।

★ মধুৰি আম পাতৰ চাহ নিয়মিত খালে স্মৃতি শক্তি বাঢ়ে, মগজু শীতল হৈ থাকে, চুলি সৰা বন্ধ হয়, ডেঙ্গুৰ দৰে জ্বৰ ভাল হয় হাড়ৰ জইনৰ বিষ ভাল হয়, কলেষ্টৰেল কমাই আৰু স্বাস্থ্য নিৰোগী হৈ থাকে ।

Exit mobile version