শৰীৰৰ বাবে কিমান উপকাৰী মচুৰ দাইল ?

HEALTH BENEFITS red lentils

★মচুৰ দাইলত থকা ফাইবাৰে তেজত থকা বেয়া কলেষ্টৰেলৰ মাত্ৰা কমোৱাত বিশেষ ভূমিকা লয়৷ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কমাৰ লগতে ষ্ট্ৰ’কৰ সম্ভাৱনাও কমে ৷

★প্ৰচুৰ পৰিমাণে ফাইবাৰ মচুৰ দাইলত থকা বাবে হজমৰ সহায়ত এচিডৰ ক্ষৰণ বঢ়াই তোলে৷ ফলত বদহজম, গেছৰ সমস্যা আদি কমাই ৰাখে ৷

★মচুৰ দাইলত থকা চলেবল ফাইবাৰে ব্লাড ছুগাৰৰ লেভেল নিয়ন্ত্ৰণ ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ বাবে ডায়েবেটিছ ৰোগত ভোগাৰ সম্ভাৱনা কমে ৷

★মচুৰ দাইল খালে আমাৰ শৰীৰে ৪% কেলৰি প্ৰ’টিন হিচাপে গ্ৰহণ কৰে৷ ফলত শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানৰ ঘাটি দূৰ কৰে৷ সেয়ে শৰীৰটো নানাবিধ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমে ৷

★মচুৰ দাইলত ফাইবাৰৰ উপৰিও ফলেট, মেগনেচিয়াম পোৱা যায়৷ এইবোৰে হাৰ্টৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ ফলত হাৰ্টৰ সমস্যা হোৱাৰ সম্ভাৱনা নোহোৱা হয়৷ উল্লেখ্য যে ফলেটে শৰীৰত হমোছিষ্টেনিনৰ মাত্ৰা কমায় ৷

★ মচুৰ দাইলত থকা কাৰ্বহাইড্ৰেট, প্ৰ’টিন, উপকাৰী খনিজ, ফাইবাৰে বহুসময় ধৰি পেটটো ভৰাই ৰাখে৷ ফলত কিছু সময়ৰ মূৰে মূৰে খোৱাৰ প্ৰৱণতা নাইকিয়া হয়৷ সেয়ে এইবিধ দাইলে শৰীৰৰ ওজন হ্ৰাসত উল্লেখনীয় অৰিহণা যোগায় ৷

Exit mobile version