সঠিক খাদ্যাভ্যাসে সুস্থ কৰি ৰাখে যকৃত

liver health teaser image

লিভাৰ বা যকৃত সুস্থ কৰি ৰখাত খাদ্যৰ ভূমিকা গুৰুত্বপূর্ণ। যদিহে লিভাৰ সুস্থ হৈ নাথাকে তেতিয়াহ’লে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই গা কৰি উঠে।

★গুৰুপাক জাতীয় অর্থাৎ প্ৰচুৰ পৰিমাণে তেল, মছলা আদি ব্যৱহাৰ কৰা খাদ্য বর্জন কৰা উচিত। কাৰণ অতিৰিক্ত তেল শৰীৰত শােষণ হােৱাৰ সময়ত হাইড্র’ক্ল’ৰিক এচিডৰ বেছি পৰিমাণে প্রয়ােজন হয়। তেতিয়া শৰীৰে হাইড্র’ক্ল’ৰিক এচিডৰ ক্ষৰণ বৃদ্ধি কৰে।প্রয়ােজনতকৈ বেছি হাইড্র’ক্ল’ৰিক এচিড ক্ষৰিত হ’লে পাকস্থলী আৰু লিভাৰৰাে ক্ষতি হােৱাৰ আশংকা থাকে।

★কেঁচা পিঁয়াজ খােৱাৰ অভ্যাস ত্যাগ কৰক। কিয়নাে কেঁচা পিঁয়াজ খালে এচিড নিঃসৰণ হােৱাৰ আশংকা অধিক। কেঁচা পিয়াজৰ ৰসে পাকস্থলীৰ পেপটিক গ্রন্থিসমূহক উত্তেজিত কৰে। ইয়াৰ ফলত হাইড্র’ক্ল’ৰিক এচিডৰ নিঃসৰণৰ পৰিমাণ বেছি হয়।

★চাহ, কফিৰ বাহিৰে আন যিকোনাে কেফিনজাতীয় পানী সেৱনৰ অভ্যাস ত্যাগ কৰা উচিত। কিয়নাে প্ৰচুৰ পৰিমাণে কেফিন সেৱনৰ ফলত স্নায়ুসমূহক উত্তেজিত কৰে। ফলত শৰীৰৰ পৰিপাক গ্রন্থিসমূহৰ স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মে।

★নিয়মীয়াকৈ বেছি পৰিমাণে এলকহল সেৱনৰ ফলত পাকস্থলীৰ বাইকার্বোনেট বা ক্ষাৰকীয় স্তৰ নষ্ট কৰে। বিশেষকৈ খালী পেটত যদি সদায় মাদকদ্রব্য অথবা এলকহলযুক্ত পানীয় সেৱন কৰে তেতিয়া হ’লে লিভাৰৰ ক্ষতি হ’বই।

★সতেজ শাক-পাচলি বিশেষকৈ অমিতা, কাঁচকল আদি দৈনন্দিন খাদ্য তালিকাত অন্তর্ভুক্ত কৰা উচিত। ডাৱৰ পানী; নাৰিকলৰ ভিতৰৰ কোমল অংশ অর্থাৎ ডাবৰ কোমল নাৰিকল অংশ খালেও সুফল পােৱা যায়।

Exit mobile version