আমেৰিকাৰ তৈল সংস্থাৰ পাইপলাইনত চাইবাৰ আক্ৰমণৰ নেপথ্যত ৰাছিয়া

ONME2KZKWVN2ZDHO4E3MFMPHP4

ভয়াৱহ চাইবাৰ আক্ৰমণত হঠাতে থমকি গ’ল আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ তৈল প্রতিষ্ঠান কল’নিয়েল পাইপলাইনৰ সকলাে নেটৱৰ্ক।

ফলত প্ৰভাৱিত হৈছে প্রতিষ্ঠানটোৰ তৈল সৰবৰাহৰ কাম-কাজ। মার্কিন চোৰাংচোৱাই এই সন্দৰ্ভত অনুসন্ধান চলাই দাবী কৰা মতে, আমেৰিকাৰ এই তৈল সংস্থাৰ পাইপলাইনত সংঘটিত হােৱা ভয়াৱহ চাইবাৰ আক্ৰমণৰ নেপথ্যত ৰাছিয়া আছে।

ৰুছ হেকাৰে কল’নিয়েল পাইপলাইনত চাইবাৰ আক্রমণ চলাই সকলাে নেটৱৰ্ক স্তব্ধ কৰাৰ অভিযােগ উত্থাপন কৰিলে মার্কিন চোৰাংচোৱাই।

চাইবাৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ ১৭খন ৰাজ্য আৰু কলম্বিয়া জিলাত স্থানীয় আপাতকাল ঘােষণা কৰা হৈছে।

মার্কিন তদন্তকাৰী সংস্থা এফ বি আয়ে দাবী কৰা মতে, ‘ডাৰ্কছাইড’ নামৰ এটা হেকাৰৰ গ্রুপ এই চাইবাৰ আক্ৰমণৰ বাবে জগৰীয়া। মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনেও এই ঘটনাৰ স’তে ৰাছিয়াৰ সম্পর্ক আছে বুলি সােমবাৰে দাবী কৰিছিল।

Exit mobile version