গোসাঁইগাঁৱত ১৯তম “বড়ো মাত্ৰী দিৱস” উদযাপন

WhatsApp Image 2021 05 12 at 12.20.34 PM

গোসাঁইগাওঁ মহকুমাৰ বসগাঁৱত নিখিল বড়ো ছাত্ৰ সন্থা আৰু সদৌ বড়ো মহিলা কল্যান পৰিষদৰ উদ্যোগত বড়ো মাত্ৰী দিৱস উদযাপন কৰা পৰিলক্ষিত হয়।

১৯৮৭ চনত উপেন্দ্ৰ নাথ ব্ৰম্মৰ নেতৃত্বত বড়ো আন্দোলনৰ আৰম্ভ হৈছিল। বড়ো আন্দোলনত শ্বহীদ হোৱা হেলেনা বসুমতাৰী আৰু গাইডে বসুমতাৰীক ১৯৮৮ চনৰ আজিৰ দিনত অসম পুলিচে গুলিয়াই হত্যা কৰিছিল তাৰ পৰিপেক্ষিত্বত আজিৰ দিনটো বড়ো জনগোষ্ঠীৰ লোকসকলে বড়ো মাত্ৰী দিৱস হিচাপে উদযাপন কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ABSU ৰ কেন্দ্ৰীয় সভাপতি দিপেন বড়ো, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জাৰী, স্থানীয় সমাজ-সেবীকা তথা বসগাঁও এমি স্কুলৰ প্ৰাক্তন প্ৰধান আচাৰ্যা দিকিশ্বৰী মুছাহাৰী, ইউপিপিএল দলৰ সোমনাথ নাৰ্জাৰী, জিৰন বসুমতাৰী, দিপক মুছাহাৰীৰ লগতে এবছুৰ জিলা, আঞ্চলিক কমিটিৰ বিভিন্ন কৰ্মকৰ্তা।

Exit mobile version