সংকটজনক কৰ’না ৰোগীৰ চিকিৎসাৰ বাবে কাৰ্যকৰী ২-ডিজি

drdo anti corona drugs 2dg 9 5 21 1

দেশত কৰ’না ৰোগীৰ সংখ্যাই প্ৰতিদিনে চাৰি লাখলৈ বৃদ্ধি পাইছে । এই পৰিস্থিতিত, নতুনকৈ আৱিষ্কৃত কৰ’নাৰ ঔষধ (এণ্টি ক’ভিড ড্ৰাগ) যাক ২-ডিজি বুলি কোৱা হয় সেই বিষয়ে এক তীব্ৰ সমালোচনা হৈছে। সংকটজনক কৰ’না ৰোগীৰ চিকিৎসাৰ বাবে এই নতুন ঔষধ কাৰ্যকৰী হ’ব।

ডাঃ ৰেড্ডীৰ গৱেষণাগাৰ আৰু ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেছন (ডিআৰডিঅ’)ৰ স’তে যুটীয়াভাৱে বিকশিত এই ঔষধটোক ২ডিজি বা ২ ডায়ক্সি ডি গ্লুকোজ বুলি কোৱা হয়।

বিগত বৰ্ষত ঔষধটোৰ পৰীক্ষণ মে’ মাহৰ পৰা অক্টোবৰলৈ চলে । সূত্ৰ অনুসৰি, এই সময়ছোৱাত মুঠ ২২০ জন ৰোগীৰ শৰীৰত ২ডিজি প্ৰয়োগ কৰা হৈছিল। এই পৰীক্ষণত আশানুৰূপ ফলাফল পোৱা যায় ।

ডিআৰডিঅ’‌ই জনায় যে, ২ডিজিৰ ঔষধ প্ৰদাউ কৰা ৰোগীসকলক অক্সিজেন দিবলগীয়া নহয় । অতি কম সময়ৰ ভিতৰতে তেওঁলোক ক’ভিড নিগেটিভো হয় । ডিআৰডিঅ’ই জনায়, ৬৫ ৰ বছৰ বয়সৰ ঊৰ্ধ্বৰসকলৰ ওপৰতো এই ঔষধ প্ৰয়োগ কৰিব পাৰি।

এই ঔষধটো পেকেটত পাউডাৰৰ ৰূপত পোৱা যাব। ইয়াক পানীৰ স’তে সেৱন কৰিব লাগে । প্ৰতিটো পেকেটৰ মূল্য হৈছে পাঁচশৰ পৰা ছশ টকা।

Exit mobile version