তলাবন্ধৰ মাজতেই সামাজিক দূৰত্ব অৱলম্বন নকৰি ঈদৰ বজাৰ কৰিবৰ বাবে ওলাই আহিল হেজাৰ হেজাৰ লোক । শুকুৰবাৰে ঈদ-উল-ফিটৰ । তাৰ এদিন পূৰ্বে আজি হায়দৰাবাদৰ চাৰমিনাৰত ভিৰ লগালে সহস্ৰাধিক লোকে । ভাৰতৰ কৰ’না সংক্ৰমণৰ দ্বিতীয় ঢৌৰ বাবে ছুপাৰ স্প্ৰেডাৰ ইভেণ্টসমূহক অন্যতম কাৰণ হিচাপে গণ্য কৰাৰ সময়তে, হায়দৰাবাদৰ এই সমাগমে উদ্বেগ বঢ়াইছে বিশেষজ্ঞসকলৰ ।
বুধবাৰৰ পৰা ১০ দিনৰ তলাবন্ধ ঘোষণা কৰিছে তেলেংগানা চৰকাৰে । অৱশ্যে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে দৈনিক চাৰি ঘণ্টা খোলাৰ অনুমতি দিছে চৰকাৰে । পুৱা ছয় বজাৰ পৰা ১০ বজাৰ ভিতৰৰ এই চাৰি ঘণ্টা সময়তে ঈদৰ বজাৰ কৰিবৰ বাবে ভিৰ কৰে হায়দৰাবাদৰ জনতাই । হায়দৰাবাদৰ চাৰমিনাৰৰ মদিনা বজাৰত বিপুল জনসমাগম হয় । বজাৰৰ বহুতকে মাস্ক পৰিধান নকৰা পৰিলক্ষিত হয় ঘটনাস্থলীৰ ভিডিঅ’ ফুটেজত ।
#WATCH | People throng markets near Hyderabad's Charminar area ahead of Eid tomorrow. A 10-day lockdown is in place in Telangana to contain the spread of COVID19 cases pic.twitter.com/LQudIqMpWm
— ANI (@ANI) May 13, 2021
তেলেংগানাত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা প্ৰায় ৬০ হেজাৰ হৈছেগৈ । দৈনিক সংক্ৰমণৰ হাৰ ঊৰ্ধ্বমুখী । সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে ১০ দিনীয়া তলাবন্ধ ঘোষণা কৰিছিল চৰকাৰে । ঈদ উপলক্ষে জনসমাগম নিয়ন্ত্ৰণ কৰিবৰ বাবে মছজিদত গৈ নামাজ পঢ়াৰ ক্ষেত্ৰটো নিয়ন্ত্ৰণ বিধি জাৰি কৰা হৈছিল । গৃহত থাকিয়ে প্ৰাৰ্থনা কৰিবৰ বাবে অনুৰোধ কৰিছিল তেলেংগানা চৰকাৰে । লগতে জনায় যে, মছজিদত একেলগে চাৰি জনৰ অধিক লোক প্ৰৱেশ কৰি নামাজ পঢ়িব নোৱাৰিব ।