প্ৰতিষেধক কেন্দ্ৰৰ অনুসন্ধান কৰক গুগলত

shutterstock 227705986 google android robot 5bfc3afbc9e77c00587b1dcf

ক’ত হয় আৰটিপিচিআৰ পৰীক্ষণ, ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি ক’ত লাভ কৰিব ইত্যাদিৰ বিষয়ে বিভ্ৰান্তি দূৰ কৰিবৰ বাবে এইবাৰ আগবাঢ়ি আহিল গুগল । স্মাৰ্টফোনৰ লোকেচন অন কৰি গুগল মেপত গৈ ‘ক’ভিড ভেকচিন চেণ্টাৰ নিয়াৰ মি’ বা ‘ক’ভিড-১৯ টেষ্ট নিয়াৰ মি’ লিখিলেই জানিব পাৰিব আপোনাৰ কাষত কোন কেন্দ্ৰত দিয়া হৈছে ক’ভিড প্ৰতিষেধক । ভাৰতত মংগলবাৰৰ পৰা উপলব্ধ হৈছে এই সুবিধা ।

ভাৰতসহ দহখন দেশক এই সুবিধা আগবঢ়াইছে গুগলে । ব্ৰাজিল, কম্বোডিয়া, ইণ্ডোনেছিয়া, মেক্সিকো, কানাডা, ফ্ৰান্স, চিলে, ছিংগাপুৰ, আমেৰিকা আছে এই তালিকাত । ভাৰতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা তথ্য সংগ্ৰহ কৰি এই সুবিধা কৰিছে গুগলে । দেশৰ প্ৰায় ২৩ হেজাৰ প্ৰতিষেধক কেন্দ্ৰ আছে তালিকাখনত ।

গুগলে জনায়, সম্প্ৰতি মানুহৰ দুটা মূল চাহিদা হৈছে অক্সিজেনৰ যোগান আৰু হাস্পতালত ঠাই পোৱা । ভাৰতৰ কিছু সংখ্যক স্থানত পাইলট প্ৰকল্প হিচাপে এই তথ্য‌ও দিয়া আৰম্ভ কৰিছে গুগলে । সংস্থাই জনায়, চকু মুদি বিশ্বাস কৰাৰ পূৰ্বে এবাৰ অনুসন্ধান কৰি ল’ব । সেয়ে ইয়াক পৰীক্ষণমূলক প্ৰয়াস কোৱা হৈছে ।

প্ৰতিষেধক কেন্দ্ৰ বা কৰ’না পৰীক্ষণ কেন্দ্ৰ আপলোড কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দিয়া তথ্যসহ দেশজুৰি বিস্তৃত হৈ থকা নিজস্ব স্থানীয় গাইডসকলৰ পৰাও তথ্য সংগ্ৰহ কৰিছে গুগলে । হুগলীৰ শ্ৰীৰামপুৰৰ সৌনক দাস গুগলৰ স্থানীয় গাইড । তেওঁ জনায়, স্থানীয় ৱালছ হাস্পতালৰ লোকেচন চূড়ান্ত কৰাৰ পূৰ্বে তেওঁৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে ।

Exit mobile version