মৃত্যুৰ দিশে গতি কৰা কৰ’না ৰোগী মাতৃৰ বাবে ভিডিঅ’ কলত গীত পৰিৱেশন কৰিলে পুত্ৰ‌ই, ৰেকৰ্ড কৰিলে চিকিৎসকে

1620885976 covid video

চিকিৎসালয়ৰ শয্যাত শুই থকা ক’ভিড আক্ৰান্ত মাতৃৰ স’তে শেষবাৰৰ বাবে কথা পাতিব বিচাৰিছিল পুত্ৰ‌ই । সেই ইচ্ছা পূৰণ নহ’লেও মাতৃক অন্তিমবাৰৰ বাবে শুনাবলৈ ভিডিঅ’ কলত গীত পৰিৱেশন কৰে । দিল্লীৰ এগৰাকী চিকিৎসক দীপশিখা ঘোষে সেই মুহূৰ্তটো কেমেৰাত বন্দী কৰি ৰাখে । ইতিমধ্যে ভিডিঅ’ বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

দীপশিখাই ভিডিঅ’টো পোষ্ট কৰি লিখে, ‘আজি মোৰ ছিফ্ট শেষ হ’বৰ সময়ত । এই ভিডিঅ’টো মোৰ ৰোগীৰ আত্মীয়‌ই কৰা কল । আত্মীয়‌ই বিচাৰিলে আমি চিকিৎসালয়ত এই ব্যৱস্থা কৰো । ৰোগীগৰাকীৰ পুত্ৰ‌ই তেওঁৰ মৃত্যুৰ দিশে গতি কৰা মাতৃৰ বাবে গীত পৰিৱেশন কৰিছিল । ম‌ই সেইটো ৰেকৰ্ড কৰিছিলো ।’

ভাইৰেল হোৱা ভিডিঅ’টোত পুত্ৰ‌ই মাতৃৰ বাবে সত্তৰৰ দশকৰ জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ ‘আ গলে লগ যা’ৰ গীত ‘তেৰা মুঝছে হে পেহলে কা নাতা ক’‌ই’ গীতটি পৰিৱেশন কৰে । দীপশিখাই টুইটাৰত জনায়, ভেণ্টিলেটৰ-ডায়লছিছ ইউনিটৰ কাষৰ দুৱাৰৰ বাহিৰৰ পৰা মাতৃক চাই গীতটি গোৱাৰ সময়ত পুত্ৰৰ কাষত নিৰৱ হৈ থিয় হৈ আছিল নাৰ্ছসকল । তেওঁ সম্পূৰ্ণ গীতটি মোবাইলত ৰেকৰ্ড কৰে । ইয়াৰ পাছতেই মৃত্যু হয় মহিলাগৰাকীৰ ।

চিকিৎসক দীপশিখাই কয়, ‘সেই গীতটিৰ অৰ্থ সম্প্ৰতি হাস্পতালৰ বহুতৰ বাবে পৰিৱৰ্তন হৈ গৈছে ।’

Exit mobile version