কৰ’নাত আক্রান্ত ব্যক্তিয়ে যথেষ্ট মানসিক হেঁচাৰ সন্মুখীন হয়। ৰােগীয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভয়, শংকা, আতংকত ভােগাটো তেনেই স্বাভাৱিক।
এজন ৰােগীৰ সুস্থতাৰ ক্ষেত্ৰত মানসিক দিশটোৱে যথেষ্ট ক্রিয়া কৰে। কোনাে ব্যক্তি ক’ভিড-১৯ত সংক্রমিত হলে সেয়েহে উক্ত ব্যক্তিৰ স’তে ফোনযােগে বার্তালাপ কৰাৰ সময়ত আত্মীয়, বন্ধু, শুভাকাংক্ষীয়ে লক্ষ্য ৰখা উচিত যাতে তেনেদৰে কৰা বাৰ্তালাপৰ ফলত ৰােগীৰ মানসিক হেঁচা বৃদ্ধি পায়, ৰােগী শংকিত নহয়।
চিকিৎসকসকলে এই ক্ষেত্ৰত পৰামর্শ দি কয় যে ৰােগত কেনেকৈ সংক্রমিত হ’ল, কি দৰৱ খালে ভাল আদি প্রশ্ন ক’ভিড আক্রান্তক কৰা অনুচিত।
চিকিৎসালয়ত শয্যাৰ অভাৱ ঘটিছে, অক্সিজেনৰ নাটনি হৈছে, অমুক ক’ভিডত মৃত্যু হ’ল— আদি কথাও আক্রান্তক অৱগত কৰােৱা উচিত নহয়।
ৰােগীক লৈ পৰিয়ালে চিন্তা কৰাৰ কথাও ৰােগীৰ আগত ব্যক্ত কৰিব নালাগে। ৰােগীয়ে যাতে মানসিক সুস্থিৰতাৰে দিন অতিবাহিত কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা জৰুৰী।
দুশ্চিন্তা অবিহনে ৰােগীয়ে জিৰণি ল’বলৈ পাৰিলে ৰােগ সােনকালে আঁতৰ হয়। ৰােগীৰ মনােবল বৃদ্ধিৰ বাবে ইতিবাচক কথাহে ৰােগীৰ স’তে আলােচনা কৰা উচিত।
তদুপৰি গৃহ আছুতীয়াকৰণত থাকিলেও আক্রান্তৰ কাষত যে পৰিয়ালৰ লােক, প্রতিবেশী, বন্ধু-বান্ধৱ সদায়ে আছে, সেই কথা ৰােগীক অৱগত কৰক, যাতে ৰােগীয়ে নিজকে অকলশৰীয়া অনুভৱ নকৰে।