সন্ধানহীন অমিত শ্বাহ ? দিল্লী আৰক্ষীক নিখোঁজ গোচৰ দাখিল কৰিলে কংগ্ৰেছৰ ছাত্ৰ সংগঠনে

82576604

সন্ধান পোৱা নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । বুধবাৰে এই মৰ্মে দিল্লী আৰক্ষীক নিখোঁজ গোচৰ দাখিল কৰিলে কংগ্ৰেছৰ ছাত্ৰ সংগঠন ‘নেছনেল ষ্টুডেণ্ট ইউনিয়ন অৱ ইণ্ডিয়া’ (এন‌এছ‌ইউ‌আই)ৰ সাধাৰণ সম্পাদক নগেশ কাৰিয়াপ্পাই । তেওঁৰ মন্তব্য, দেশৰ সংকটৰ সময়ত ৰাজনৈতিক নেতাসকলে নাগাৰিকক সুৰক্ষা প্ৰদান কৰিব লাগে । পলায়ন কৰিব নালাগে ।

এন‌এছ‌ইউ‌আইৰ সৰ্ব্বভাৰতীয় সম্পাদক আৰু মুখপাত্ৰ লোকেশ চুঘে দাবী কৰে, অমিত শ্বাহৰ নামত নিখোঁজ গোচৰ দাখিল কৰাৰ পাছতে দিল্লী আৰক্ষীৰ কেইজনমান বিষয়াই কাৰিয়াপ্পাক লগ কৰিবৰ বাবে সংগঠনৰ কাৰ্যালয়লৈ আহে । তেওঁ কয়, ‘২০১৩ লৈকে ৰাজনৈতিক নেতা-নেত্ৰীসকলক নাগৰিকৰ দায়িত্ব বহন কৰা পৰিলক্ষিত হৈছিল । বিজেপিয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পাছত সকলো পৰিৱৰ্তন হৈ গৈছে । এই অতিমাৰীৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত চৰকাৰৰ দ্বিতীয় গুৰুত্বপূৰ্ণ ব্যক্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্ধান পোৱা নাই ।’

এন‌এছ‌ইউ‌আই-য়ে বিবৃতিত জনায়, ‘এই ভয়ংকৰ অতিমাৰীৰ স’তে আমি প্ৰত্যেকেই যুঁজি আছো । এনে পৰিস্থিতিত আমি চৰকাৰৰ সহযোগ বিচাৰো । চৰকাৰে এই প্ৰয়োজন পূৰণ কৰিব নোৱাৰাৰ বাবেই আমি নিখোঁজ গোচৰ দাখিল কৰিছো । আমি বিচাৰো যে চৰকাৰে জনসাধাৰণৰ বাবে বাৰ্তা দিয়ক ।’

Exit mobile version