অসমৰ সম্পদৰ লাভাংশৰ সঠিক তথ্যৰ দাবী সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ

Untitled design 351

সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে তেল আৰু প্ৰাকৃতিক গেছ নিগম, ভাৰতীয় তৈল নিগম আৰু অ‌ইল ইণ্ডিয়া লিমিটেডক অসমৰ সম্পদৰ লাভাংশৰ সঠিক তথ্য দিবৰ বাবে দাবী জনায় ।

ADVERTISEMENT

তদুপৰি, সংগঠনটোৱে দাবী জনায় যে, প্ৰতিষ্ঠানকেইটাৰ চাকৰি মকৰলৰ বাবে সকলো ধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই অনুষ্ঠিত কৰিব লাগে । চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে উৎকোচ লোৱা বন্ধ কৰিব লাগে । ঠিকাভিত্তিক নিয়োগ বন্ধ কৰক ।

অসমৰ গাঁওসমূহলৈ পাইপযোগে ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰিবৰ বাবেও দাবী জনায় সংগঠনটোৱে । উল্লিখিত প্ৰতিষ্ঠানসমূহৰ পৰা এই চুক্তিসমূহ মানি চলাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি বিচাৰে সংযুক্ত মুক্তি বাহিনীয়ে ।

Exit mobile version