ঘৰে ঘৰে টিকাকৰণ কৰিলে কিমান জীৱন ৰক্ষা হ’লহেঁতেন : কেন্দ্ৰক ভৎর্সনা ন্যায়ালয়ৰ

2982e891 495d 45db 8980 0c4de5e343ed

কেন্দ্রীয় চৰকাৰে যদিহে দেশৰ প্রবীণ নাগৰিকসকলৰ বাবে ঘৰে ঘৰে গৈ টিকাকৰণ অভিযান কে’বামাহ পূর্বে আৰম্ভ কৰা হ’লে আজি বহুতৰ প্ৰাণৰক্ষা সম্ভৱ হ’লহেঁতেন।

এই মন্তব্য প্রকাশ কৰিলে বােম্বে উচ্চ ন্যায়ালয়ে। ৭৫ বছৰ উৰ্ধৰ বয়সৰ লােকক ঘৰতে টিকাকৰণ কৰাৰ দাবীৰে আইনজীৱী ধ্রুতি কাপাড়ীয়া আৰু কুনাল টিৱাৰিয়ে এক জনস্বার্থজড়িত আবেদন দাখিল কৰিছিল।

এই আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ দীপাংকৰ দত্ত আৰু জি এছ কুলকার্ণিৰ বিচাৰপীঠে প্রশ্ন কৰি কয়, ‘যিসকল প্রবীণ নাগৰিকৰ খােজকাঢ়ি টিকাকৰণ কেন্দ্ৰলৈ যােৱাৰ ক্ষমতা নাই, তেওঁলােকক কিয় ঘৰে ঘৰে টিকাকৰণৰ ব্যৱস্থা কেন্দ্রই নল’লে?

চৰকাৰে এই বিষয়ত এক সিদ্ধান্তত উপনীত হােৱাটো উচিত আছিল। ভাৰতত আমি সকলাে কথা বহু পলমকৈ আৰম্ভ কৰাে। প্রবীণ নাগৰিকসকলৰ জীৱন যেতিয়া বিপন্ন হৈছে, ঘৰে ঘৰে গৈ টিকাকৰণ আৰম্ভ কৰাত সমস্যা কত?

কিছুদিন পূর্বে ঘৰে ঘৰে প্রতিষেধক প্রদান আৰম্ভ কৰা হ’লে বহু প্রবীণ নাগৰিকৰ জীৱন ৰক্ষা হ’লেহেঁতেন। সমাজৰ কিমান প্রবীণ বুদ্ধিজীৱীয়ে ক’ভিডত প্রাণ হেৰুৱালে, তেওঁলােকক ৰক্ষা কৰিব পৰা গ’লহেঁতেন। টিকা ল’বলৈ দীঘলীয়া শাৰীত জ্যেষ্ঠ নাগৰিকে থিয় দিছে, হুইলচেয়াৰত শাৰী পাতিছে; এই দৃশ্য হৃদয়বিদাৰক।

Exit mobile version