পোলেণ্ডৰ পৰা ৫০ টা অক্সিজেন কনছেনট্ৰেটৰ ক্ৰয় কৰিব অমিতাভে

amitabh bachchan tested negative for covid 19 c4324d6a 03ca 11eb be8a af0c9ba615fa 1614577251208 1614577256768 1620636833771

কৰ’না যুদ্ধত সক্ৰিয় বৰ্ষিয়ান অভিনেতা অমিতাভ বচ্চন । এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে বিভিন্ন ধৰণে সহায় কৰিছে অভিনেতাজনে ।

পোলেণ্ডৰ পৰা ৫০ টা অক্সিজেন কনছেনট্ৰেটৰ অনাৰ ব্যৱস্থা কৰিছে বিগ বিয়ে । নিজৰ ব্লগত এই তথ্য জনায় অভিনেতাজনে । তেওঁ জনায়, পোলেণ্ডৰ কনছালে তেওঁক ব্যক্তিগত ব্যৱহাৰৰ বাবে এটা অক্সিজেন কনছেনট্ৰেটৰ দিব বিচাৰিছিল । কিন্তু সেই প্ৰস্তাৱ তৎক্ষণাৎ নাকচ কৰে অভিনেতাজনে ।

তেওঁ ভাৰতত অক্সিজেনৰ নাটনিৰ ফলত চিকিৎসাত ব্যাঘাত ঘটা প্ৰতিষ্ঠানসমূহত অক্সিজেন কনছেনট্ৰেটৰ অনাৰ ইচ্ছা প্ৰকাশ কৰে । অভিনেতাৰ কথা শুনি তেওঁ পোলেণ্ডৰ এটা কোম্পানীৰ বিষয়ে জনায় । সেই কোম্পানীটোত অক্সিজেন কনছেনট্ৰেটৰ প্ৰস্তুত কৰা হয় । কোম্পানীটোৰ সন্ধান পোৱাৰ লগে লগে ৫০ টা কনছেনট্ৰেটৰ ক্ৰয় কৰাৰ ব্যৱস্থা কৰে অভিনেতাজনে ।

তদুপৰি ২০ টা ভেণ্টিলেটৰো ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে অমিতাভে । ইয়াৰে ১০ টকা ইতিমধ্যে বৃহন্মুম্বাই মিউনিচিপাল কৰ্প’ৰেছন আৰু কিছুসংখ্যক হাস্পতালত প্ৰেৰণ কৰা হৈছে । বাকী ১০ টা যন্ত্ৰ চলিত মাহৰ শেষৰফালে আহিব বুলি আশাপ্ৰদ অমিতাভ ।

Exit mobile version