বর্ণ বিদ্বেষৰ প্ৰতিবাদত তিনিটা গ’ল্ডেন গ্ল’ব বঁটা ওভতালে টম ক্রুজে

5ccc0c368e3149ec05afa05072fbf13d

বর্ণ বিদ্বেষৰ বিৰুদ্ধে প্রতিবাদত সৰব হ’ল হলিউডৰ মহাতাৰকা অভিনেতা টম ক্রুজ। আমেৰিকাৰ প্ৰথম শাৰীৰ অভিনেতা-অভিনেত্রীসকলে গল্ডেন গ্ল’ব বঁটা লাভৰ বাবে দুৰ্বাৰ আকাংক্ষা পােষণ কৰে, কিন্তু এই বঁটা ওভতাই দিলে ক্রুজে।

এটা নহয়, নিজে লাভ কৰা তিনিটাকৈ গল্ডেন গ্ল’ব বঁটা ওভতাই দি বর্ণ বৈষম্যৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিলে এইজন জনপ্রিয় অভিনেতাই। হলিউডৰ ‘টপ গান’ খ্যাত অভিনেতাজনে গল্ডেন গ্ল’ব বঁটা প্রদান কৰা এইচ এফ পি এ সংস্থাৰ বিৰুদ্ধে বর্ণ বৈষম্যৰ গুৰুতৰ অভিযােগ উত্থাপন কৰিলে।

অভিনেতাজনৰ অভিযােগ অনুসৰি সংস্থাৰ ৮৭ সদস্যৰ মাজত নাই এজনাে কৃষ্ণাংগ সদস্য। এইসকল সদস্যৰ বিৰুদ্ধে বর্ণ বৈষম্য আৰু লিংগ বৈষম্যৰ অভিযােগ আছে। এইদৰে এইচ এফ পি এৰ বিৰুদ্ধে অভিযােগ উত্থাপন কৰি গ’ল্ডেন গ্ল’ব বঁটা ওভতাই দিয়াৰ সিদ্ধান্তৰ কথা ক্রুজে ঘােষণা কৰে।

১৯৮৯ত মুক্তি লাভ কৰা ‘বর্ণ অন দ্য ফ’র্থ অৱ জুলাই’ ছবিখনৰ বাবে ক্রুজে প্রথম গল্ডেন গ্ল’ব বঁটা লাভ কৰিছিল। ইয়াৰ পাছত তেওঁ ‘জেৰি মাগুৱেৰ আৰু ‘মেগন’লিয়া’ ছবিৰ বাবে বাকী দুটা গল্ডেন গ্ল’ব বঁটা লাভ কৰিছিল।

Exit mobile version