মেদৰ বাবে ৮৬ শতাংশ পৰ্যন্ত বাঢ়িব পাৰে কৰ’না সংক্ৰমণৰ আশংকা

ইজৰাইলৰ এক সমীক্ষাই দিলে অন্য বিপদৰ বাৰ্তা

800px pikiwiki israel 15881 heart center in sheba medical center israel

মধুমেহ, হৃদযন্ত্ৰৰ সমস্যা বা স্বাভাৱিকৰ তুলনাত অতি বেছি ওজন জাতীয় সমস্যা থাকিলে ক’ভিডৰ বিপদ বৃদ্ধি পাব পাৰে । এই কথা ইতিমধ্যে বিভিন্ন সমীক্ষাত প্ৰমাণিত হৈছে । অৱশ্যে কিমান পৰিমাণৰ ওজন বৃদ্ধি হ’লে ক’ভিডৰ বিপদ কিমান মাত্ৰাত বাঢ়িব পাৰে, সম্প্ৰতি ইয়াৰ ব্যাখ্যা দাঙি ধৰিলে ইজৰাইলৰ একাংশ গৱেষকে ।

ইজৰাইলৰ ‘চেইম ছেবা মেডিকেল চেণ্টাৰ’ৰ বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণাত দেখুৱাইছে যে ‘বজী মাছ ইনডেক্স’ বা ‘বিএম‌আই’ৰ বৃদ্ধিৰ লগতে ক’ভিডৰ সংক্ৰমণৰ আশংকা প্ৰায় ২২ শতাংশ বৃদ্ধি পায় ।

ওজন (কিলোগ্ৰাম এককত)ক উচ্চতা (মিটাৰ এককত)ৰে স্কোৱাৰত ভাগ কৰিলে যি ফল পোৱা যায়, তাকেই বিএম‌আই বুলি ধৰা হয় । যিসকল লোকৰ বিএম‌আই ৩০ৰ পৰা ৩৪.৯ৰ ভিতৰত তেওঁলোকক ‘ক্লাছ ৱান অ’বেছিটি’ৰ মাজত ৰখা হয় । এই বিভাগৰ মানুহৰ সংক্ৰমিত হোৱাৰ আশংকা প্ৰায় ২৭ শতাংশ বেছি ।

আনহাতে, যিসকলে ‘ক্লাছ টু অ’বেছিটি’ৰ ভিতৰত পৰিছে (বিএম‌আই ৩৫ৰ পৰা ৩৯.৯), তেওঁলোকৰ ক্ষেত্ৰত সংক্ৰমিত হোৱাৰ আশংকা বাঢ়ে ৩৮ শতাংশ । ‘ক্লাছ থ্ৰী অ’বেছিটি’ (বিএম‌আই ৪০ বা তাতকৈ বেছি),ৰ ক্ষেত্ৰত সেয়াই বৃদ্ধি পায় ৮৬ শতাংশলৈ ।

সমীক্ষাত কোৱা হৈছে যে বিএম‌আইৰ প্ৰতি একক বৃদ্ধিত দুই শতাংশকৈ বাঢ়ে সংক্ৰমিত হোৱাৰ আশংকা । ওজন স্বাভাৱিকৰ তুলনাত অধিক বাঢ়িলে সেয়ে ক’ভিড সংক্ৰমণৰ পাছত জটিলতাৰ আশংকা থাকে ।

কেৱল সেয়া নহয়, ইজৰাইলৰ এই গৱেষকসকলৰ সমীক্ষাৰ পৰা বুজা গৈছে যে মেদ বৃদ্ধিৰ সমান্তৰালকৈ সংক্ৰমণৰ আশংকাও বাঢ়ে । সেয়ে কৰ’না সংক্ৰমণ এৰাবৰ বাবে তেওঁলোকে শৰীৰৰ মেদ কমোৱাৰ পৰামৰ্শ দিছে ।

Exit mobile version