আমেৰিকা-ৰাছিয়াৰ মাজত মহাকাশত চলচ্চিত্র নির্মাণৰ যুঁজ

Yulia Peresild and Tom Cruise

এইবাৰ হলিউডৰ ষ্টুডিঅ’ত নহয়, মহাকাশক লৈ চলচ্চিত্ৰৰ দৃশ্যগ্রহণ হ’ব মহাকাশতে। এখন নহয়, দুখনকৈ মহাকাশ বিষয়ক চলচ্চিত্র নির্মাণ কৰা হ’ব এইদৰে মহাকাশত।

আমেৰিকাৰ মহাতাৰকা অভিনেতা টম ক্রুজক এনে এখন ছবি নির্মাণৰ বাবে প্ৰেৰণ কৰা হৈছে আন্তর্জাতিক মহাকাশ কেন্দ্ৰলৈ। আনহাতে,ৰাছিয়াৰ মহাতাৰকা অভিনেত্রী ইউলিয়া পেৰিচলিক মহাকাশলৈ প্ৰেৰণৰ যাে-জা চলাইছে ৰাছিয়াই।

কেৱল অভিনেতা-অভিনেত্রীয়েই নহয়, আমেৰিকা আৰু ৰাছিয়াৰ দুজন চলচ্চিত্র পৰিচালকে মহাকাশলৈ যাব। নাছা আৰু ৰছকছমছৰ সূত্ৰই আন্তর্জাতিক সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে।

উভয় দেশেই অহা অক্টোবৰত মহাকাশত থাকিয়ে মহাকাশ বিষয়ক চলচ্চিত্র নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিছে। ৰছকছমছে প্রকাশ কৰা অনুসৰি, ৰাছিয়ান মহাকাশ বিষয়ৰ ছবিখনৰ দৃশ্যগ্রহণ ভূপৃষ্ঠৰ পৰা ৩৭০ মাইল উচ্চতাত পৃথিৱীৰ কক্ষপথত প্রদক্ষিণৰত আন্তর্জাতিক মহাকাশ কেন্দ্রত সম্পন্ন কৰা হ’ব।

অহা অক্টোবৰত ৰুছ অভিনেত্রী ইউলিয়া পেৰিছলিডে মহাকাশ কেন্দ্র অভিমুখে ৰাওনা হ’ব। ৰাছিয়াৰ জনপ্রিয় বিজ্ঞান বিষয়ক ছবি নির্মাতা ক্লিম শ্বিপেনক’ৱে এই ছবিখন পৰিচালনা কৰিব।

আনহাতে, একে সময়তে হলিউড অভিনেতা টম ক্রুজেও মহাকাশত এখন ছবিৰ দৃশ্যগ্রহণত অংশ ল’ব। এই ছবিখন পৰিচালনা কৰিব ড’গ লীমেনে। অক্টোবৰতে মার্কিন নির্দেশকৰ ছবিখনৰ দৃশ্যগ্রহণ আৰম্ভ হ’ব বুলি নাছাই জানিবলৈ দিয়ে।

ক্রুজ লীমেনক ছবিখন নির্মাণত সহায় কৰিছে স্পেচ এক্সৰ মুৰব্বী এলন মাস্কে। ৰুছ ছবিখনৰ দৃশ্যগ্রহণ অহা পাঁচ অক্টোবৰৰ পৰা আৰম্ভ হােৱাৰ সম্ভাৱনা আছে বুলি ৰছকছমছে জানিবলৈ দিয়ে।

আন্তর্জাতিক মহাকাশ কেন্দ্ৰত থাকি ছবিৰ দৃশ্যগ্ৰহণত অংশ লােৱা আৰু ছবি পৰিচালনা কৰাটো যথেষ্ট প্রত্যাহ্বানজনক হ’ব। বিজ্ঞানীসকলৰ মতে, মহাকাশত ছবিৰ দৃশ্যগ্রহণক লৈও শক্তি প্রদর্শন কৰিবলৈ সাজু হৈছে বিশ্বৰ দুই শক্তিধৰ দেশ আমেৰিকা আৰু ৰাছিয়া।

Exit mobile version