মানুহৰ দৰে ভাইৰাছৰো আছে জীয়াই থকাৰ অধিকাৰঃ দার্শনিক মন্তব্য উত্তৰাখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী

trivendra singh rawat pti 1620961164

দেশত কৰ’নাৰ সংক্রমণ বৃদ্ধি পােৱাৰ সময়তে বিজেপিৰ একাংশ নেতা-কর্মীয়ে ক’ভিড সন্দৰ্ভত নানা আজৱ মন্তব্য প্রকাশ কৰি আহিছে।

ADVERTISEMENT

এইবাৰ উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱটে কৰ’না ভাইৰাছৰ প্রতি একপ্রকাৰ সহমর্মিতা প্রকাশ কৰি ক’লে ‘কৰ’নাও মানুহৰ দৰে জীৱ।

সিহঁতৰাে জীয়াই থকাৰ অধিকাৰ আছে। প্রাক্তন মুখ্যমন্ত্রীজনৰ এই দার্শনিক মন্তব্যই সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে।

এটা বেচৰকাৰী টেলিভিছন চেনেলৰ সাক্ষাৎকাৰত ৰাৱটে কৈছিল, দার্শনিক দৃষ্টিভংগীৰে চালে ক’ব লাগিব যে কৰ’না ভাইৰাছাে আমাৰ দৰে জীৱন্ত। তেওঁলােকৰাে আমাৰ দৰে জীয়াই থকাৰ অধিকাৰ আছে। কিন্তু আমি মানুহে নিজকে সবাতােকৈ বুদ্ধিমান বুলি ভাবাে। সেয়েহে ভাইৰাছক নির্মূল কৰিব বিচাৰিছাে। গতিকে কৰ’না ভাইৰাছেও নিজক ক্রমাগত সলনি কৰিছে।

Exit mobile version