অক্সিজেন কনচেনট্ৰেটৰ বেংক গঢ়িব মুখ্যমন্ত্ৰী কেজৰিৱালে

1595695787 1591709120 arvind kejriwal 1

ক’ভিডৰ দ্বিতীয় ঢৌত দেশজুৰি অক্সিজেন সংকট আৰু হাস্পতালত বিছনাৰ অভাৱে দেখা দিছে । দিল্লীৰ পৰিস্থিতিও সংকটাপন্ন । সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে বিশেষ কিছু ঘোষণা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । তেওঁ ক’ভিড ৰোগীৰ বাবে দিল্লীৰ প্ৰতিখন জিলাতে অক্সিজেন কনচেনট্ৰেটৰ বেংক প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰিছে ।

শনিবাৰে এক সংবাদ মেলত কেজৰিৱালে কয়, ‘বহু সময়ত বিছনাৰ অভাৱত গুৰুত্বৰ অসুস্থ কৰ’না ৰোগীক হাস্পতালৰ আইচিইউ-ত ভৰ্তি কৰা নহয় । অক্সিজেনৰ অভাৱত মৃত্যুৰ হাৰো বৃদ্ধি পাইছে । সেয়ে চাহিদা পূৰণ কৰিবৰ বাবে অক্সিজেন কনচেনট্ৰেটৰ বেংক প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’

কেজৰিৱালে জনায়, দিল্লীৰ প্ৰতিখন জিলাতে এই বেংক প্ৰস্তুত কৰা হ’ব । প্ৰতিটো বেংকত দুশটাকৈ কনচেনট্ৰেটৰ ৰখা হ’ব । লগতে কেনেকৈ অক্সিজেন কনচেনট্ৰেটৰৰ যোগান ধৰা হ’ব সেই বিষয়েও জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ‘দুঘণ্টাৰ ভিতৰতে ঘৰত অক্সিজেনৰ যোগান দিয়া হ’ব ।’ হাস্পতালৰ পৰা ঘৰলৈ উভতা কৰ’না ৰোগীসকলেও প্ৰয়োজন হ’লে অক্সিজেন সেৱা গ্ৰহণ কৰিব পাৰিব ।

সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ বিগত কিছুদিন ধৰি ৰাজধানীত তলাবন্ধ অব্যাহত আছে । ফলত যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছে আৰু বহুতে পেটৰ ভোকৰ তাৰণাত ভুগিব লগা হৈছে । সেয়ে জনপৰিসেৱাৰ স’তে জড়িত গাড়ীচালকসকলক পাঁচ হেজাৰ টকাকৈ অনুদান দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে ।

শুকুৰবাৰৰ মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘বিগত বৰ্ষত এই অনুদান লাভ কৰা সকলে নতুনকৈ নাম নথিভুক্ত নকৰিলেও হ’ব । আধাৰ সংযুক্ত বেংক একাউণ্টবোৰত প্ৰত্যক্ষভাৱে অনুদান সোমাই যাব । টেক্সি, ই-ৰিক্সাসহ সৰু-বৰ সকলো অনুমোদন থকা গাড়ী চালকেই এই সুবিধা লাভ কৰিব ।

Exit mobile version