ছয় আঙুলিৰেও পাৰি তাৰকা হ’ব

মানুহক নিজৰ মনৰ পৰা সকলাে ভয় দূৰ কৰি আগবাঢ়ি যােৱাৰ বার্তা দিলে বলীউদৰ অভিনেতা হৃত্বিকে

20 Years of Hrithik Roshan A glimpse at 10 achievements of the SUPERSTAR in the two decades at the Box Office 1

অতিমাৰীৰ কবলত চাৰিওফালে মৃত্যুৰ বিভীষিকাই গ্রাস কৰাৰ সময়তে আতংকক জয় কৰাৰ বার্তা দিলে হৃত্বিক ৰােছনে। প্রায় তিনি বছৰ পূর্বেই মহাতাৰকাজনে কোৱা কিছু কথাৰ এটা ভিডিঅ’ অতিমাৰীৰ পৰিস্থিতিৰ সময়ত সামাজিক মাধ্যমত প’ষ্ট কৰিছে বলিউদৰ কেমেৰামেন বৰিন্দাৰ চাওলাই।

সেই ভিডিঅ’তে নিজৰ জীৱনৰ কঠিন অভিজ্ঞতাৰ কথা সদৰী কৰি মানুহক নিজৰ মনৰ পৰা সকলাে ভয় দূৰ কৰি আগবাঢ়ি যােৱাৰ বার্তা দিছিল হৃত্বিকে। ভিডিঅ’ত হৃত্বিকে কয় যে তাৰকা সন্তান হলেও অভিনেতা হােৱাৰ পথ কিন্তু তেওঁৰ সন্মুখত একেবাৰে মসূণ নাছিল।

বলিউদৰ ‘গ্রীক গড’ আখ্যা পােৱা সুদর্শন অভিনেতাজনেও শুনিবলগীয়া হৈছিল ‘ছটা আঙুলিৰে অভিনেতা হ’ব নােৱাৰি। অৱশ্যে এই ধৰণৰ কটাক্ষত ভাঙি পৰা নাছিল তাৰকা অভিনেতাজন। সকলাে সমালােচনা ওফৰাই ঘূৰি থিয় দিয়ে।

আগুৱাই গৈছে নিজৰ লক্ষ্যৰ দিশে। নিজৰ দুর্বলতাক শক্তিলৈ ৰূপান্তৰিত কৰাৰ উপদেশ দিছিল হৃত্বিকে। ব্যক্তিগত আৰু পেছাদাৰী জীৱনত অনেক উত্থান- পতনৰ সাক্ষী হৈছিল হৃত্বিক। কহাে না প্যায় হ্যে’ৰ দৰে ছুপাৰহিট ছবিৰে আত্মপ্রকাশ কৰাৰ পাছতাে তেওঁ কে’বাখনাে ছবিত সাফল্যৰ মুখ দেখা নাছিল।

তেতিয়াও তেওঁ পৰাজয় স্বীকাৰ কৰিব খােজা নাছিল। উভতি থিয় দিছিল অভিনেতাজনে। ২০১৪ত পত্নী ছুজান খানৰ স’তে তেওঁৰ ১৪ বছৰৰ দাম্পত্য জীৱন ভাঙি পৰাৰ পাছতাে তেওঁ নিজক চম্ভালিবলৈ সক্ষম হৈছিল। আনকি প্রাক্তন পত্নীৰ স’তে তেওঁ বন্ধুত্বপূর্ণ সম্পর্ক অটুট ৰাখিবলৈকো সক্ষম হৈছে।

অভিনেত্রী কংগনা ৰণৌটৰ স’তে প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰি সৃষ্টি হােৱা বিবাদ আৰু কংগনাৰ নানা অভিযােগ সময়তাে তেওঁ অবিচল থাকিব পাৰিছে।আনহাতে, পেছাদাৰী জীৱনত ‘ক’য়ি মিল গয়া’, ‘কভি খুছি কভি গম’, ‘ধুম-২’, ‘কৃষ’ আদি ছুপাৰহিট ছবি উপহাৰ দিয়াৰ পাছত কিছুদিন হৃত্বিকে ব্যর্থতাৰ মুখ দেখিছিল।

কিন্তু কাবিল’, ‘ছুপাৰ ৩০’, ‘ৱাৰ’ৰ দৰে সফল ছবিৰ পাচত হৃত্বিক পেছাদাৰী জীৱনৰ ৰেখাচিত্ৰডালাে এতিয়া পুনৰ উধ্বমুখী হৈছে। তেওঁ যে পৰাজয় স্বীকাৰ কৰিবলৈ শিকা নাই, সেয়া নিজৰ জীৱনৰেই প্ৰমাণ কৰিছিল হৃত্বিকে।

সেয়ে নিজৰ জীৱনৰ অভিজ্ঞতাৰ দোহাই দিয়েই এই অতিমাৰীৰ সময়ত সকলােকে ভয়-শংকা আঁতৰ কৰি আগবাঢ়ি যােৱাৰ পৰামর্শ দিছে মহাতাৰকাজনে।

Exit mobile version