মহামাৰীৰ সময়ত হাঁওফাঁও কেনেকৈ সুস্থ কৰি ৰাখিব লাগে

iStock 530196490

দেশত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। মহামাৰী এই কৰ’নাৰ সময়ত সকলোৱে নিজকে সুস্থ ৰখা উচিত । এই মহামাৰী ভাইৰাছে মানৱ শৰীৰত আটাইতকৈ ক্ষতিগ্রস্ত কৰে হাওঁফাওঁ। কৰ’নাৰ পৰা আৰোগ্য হোৱাৰ পাছতো দুর্বল হাওঁফাওঁৰ কাৰনে ৰােগীসকলে দীর্ঘদিনীয়া সমস্যাত ভুগিব লাগে। সেই বাবে বিশেষকৈ এই সময়ত হাঁওফাঁও সবল কৰি ৰাখিবলৈ আমি সকলােৱে সচেতন হােৱা অতিকৈ প্রয়ােজন।

এই সময়ত হাঁওফাঁওৰ সুস্থ ৰাখিবলৈ খাদ্যৰ তালিকাত কি ৰাখিব ?

★ সদায় পুৱা গধূলি হালধি মিহলােৱা গাখীৰ এগিলাচ খোৱাটো এই সময়ত অতি জৰুৰী বুলি চিকিৎসক সকলে পৰামর্শ আগবঢ়াইছে ৷ ই প্রাকৃতিক ভাবে হাওঁফাওঁ সুস্থ কৰি ৰখাত অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। তাৰােপৰি ই শৰীৰৰ বিষাক্ত পদার্থ সমূহ বাহিৰ কৰি ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে। লগতে অক্সিজেনৰ মাত্রা সঠিক কৰি ৰাখে। কোনাে লােকে গাখীৰ খােৱাত অসুবিধা পালে তেওঁলােকে পানীৰ লগতাে হালধি মিলাই খাব পাৰে ।

★ মৌয়ে হাঁওফাঁও সুস্থ কৰি ৰখাৰ উপৰিও শৰীৰক ৰােগৰ লগত যুঁজ দিয়াৰ ক্ষমতা বঢ়ায়।

★ নিয়মীয়াকৈ অংকুৰিত বুট মুগ, শুকান ফল মূল খাই থাকিব লাগে।

★ আমলখি আৰু ইয়াৰ ৰসে হাঁওফাঁও সুস্থ কৰি ৰখাত সহায় কৰে।

★ নিয়মীয়াকৈ এবাটি দৈ খাদ্য তালিকাত ৰাখিব লাগে।

★ পদিনা দি তৈয়াৰ কৰা চাহে হাঁওফাঁওত হােৱা সংক্রমন দূৰ কৰে। লগতে ডিঙি পৰিস্কাৰ কৰি কফ উলিওৱাত সহায় কৰে।

★ আদা আৰু তুলসী দিয়া চাহে জ্বৰ কাহ কফৰ সমস্যা দূৰ কৰাৰ লগতে হাঁওফাঁও সবল কৰে। শ্বাস তন্ত্রত প্রৱেশ কৰা বিষাক্ত পদার্থ বাহিৰ কৰে। ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে।

★ ইলাচী আৰু দালচেনি দি তৈয়াৰ কৰা চাহে হাঁওফাঁওত হােৱা সংক্রমন দূৰ কৰাৰ লগতে পাচন তন্ত্র সবল কৰি ৰাখে। কফ আদি সমস্যা দূৰ কৰে। ইয়াৰ উপৰিও খাদ্যত এই দুবিধ মছলা নিয়মীয়াকৈ প্ৰয়ােগ কৰিব লাগে।

★এই সময়ত জালুক দি চাহ তৈয়াৰ কৰি খাব লাগে। এই চাহে শৰীৰৰ ৰােগ প্রতিৰােধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে হাঁওফাঁও সুস্থ কৰি ৰাখে। লগতে জ্বৰ কাহ কফ আদি সমস্যাসমূহৰ পৰা সকাহ দিয়ে।

Exit mobile version