‘মোকো গ্ৰেপ্তাৰ কৰক’ কেন্দ্ৰৰ সমালোচনা কৰাত দিল্লীত গ্ৰেপ্তাৰৰ প্ৰতিবাদত টুইট ৰাহুল গান্ধীৰ

rahul poster1

ক’ভিড পৰিস্থিতিক লৈ কেন্দ্ৰৰ সমালোচনা কৰি পোষ্টাৰ লগোৱাৰ বাবে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৭ জনক । পোষ্টাৰত কেন্দ্ৰীয় চৰকাৰৰ সমালোচনা কৰা হৈছিল । সেই সমালোচনাকে সমৰ্থন কৰি ৰাহুল গান্ধীয়ে কয়, ‘মোকো গ্ৰেপ্তাৰ কৰক ।’

‘মোদীজি, আমাৰ সন্তানৰ বাবে প্ৰস্তুত কৰা প্ৰতিষেধক আপুনি কিয় বাহিৰত পঠাইছে ?’ এনেদৰে লিখা পোষ্টাৰৰ বাবে দিল্লীত ১৭ জনক গ্ৰেপ্তাৰ কৰা হয় । সেই ঘটনাকে উল্লেখ কৰি কংগ্ৰেছৰ নেতাজনে লিখে, ‘মোকো গ্ৰেপ্তাৰ কৰক ।’

দিল্লীসহ বিৰোধীসকলে সমগ্ৰ দেশতে বাৰে বাৰে কটাক্ষ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰক । একাধিক ৰাজ্যই পৰ্যাপ্ত প্ৰতিষেধক বিচাৰি কেন্দ্ৰক পত্ৰ‌ও প্ৰেৰণ কৰিছে । কিন্তু ক্ষোভ প্ৰশমিত হোৱা নাই ।

দিল্লীত কেন্দ্ৰ বিৰোধী পোষ্টাৰ দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰাৰ পাছতে ক্ষোভিত হৈ পৰে কংগ্ৰেছ নেতাসকলো । কংগ্ৰেছৰ মুখপাত্ৰ অভিষেক মনু সিংভিয়ে টুইট কৰে, ‘আপোনালোকে কি ক্ষমতা, কি আইন, কি কৰ্তৃত্বৰ আধাৰত আপোনাৰ বিৰুদ্ধে পোষ্টাৰ দিয়া লোকসকলক গ্ৰেপ্তাৰ কৰিছে ?’

কেন্দ্ৰীয় মন্ত্ৰী পি চিদম্বৰমে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয়, ‘ভাৰত স্বাধীন দেশ । ইয়াত মত প্ৰকাশৰ স্বাধীনতা আছে । একমাত্ৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোৱাৰ বাহিৰে । সেয়ে দিল্লীৰ আৰক্ষীয়ে লোককেইজন গ্ৰেপ্তাৰ কৰিছে ।’

Exit mobile version