ক’ভিড ৰোগীৰ সেৱা কৰিবলৈ নিউয়ৰ্কৰ পৰা উভতিল চিকিৎসক হৰমনদ্বীপ

71bdc2ba b100 11eb a18d d1bab068c14b 1620590594490

অতিমাৰীত জৰ্জৰিত দেশৰ সেৱা কৰিবৰ বাবে নিউয়ৰ্কৰ জীৱন ত্যাগ কৰি নিজ চহৰত উভতিল চিকিৎসক হৰমনদ্বীপ সিং ব’পাৰাই । সম্প্ৰতি তেওঁ অমৃতসৰত ক’ভিড ৰোগীসকলক সুস্থ কৰিবৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে ।

অমৃতসৰৰ এখন হাস্পতালৰ সকলো চিকিৎসক আৰু নাৰ্ছসকলক পৃথককৈ প্ৰশিক্ষণ দি ক’ভিড ৰোগীসকলৰ চিকিৎসা কৰিছে । চলিত বৰ্ষৰ এক এপ্ৰিলত তেওঁ দেশলৈ উভতি আহে । তাৰ পাছৰ পৰাই সেৱামূলক কাম কৰি গৈছে । তেওঁৰ পৰৱৰ্তী লক্ষ্য মুম্বাইত এহেজাৰ বিছনাযুক্ত হাস্পতাল নিৰ্মাণ কৰা । ইয়াৰ বাবে ইতিমধ্যে তেওঁ বিভিন্ন চিকিৎসকৰ স’তে যোগাযোগ কৰিছে । আজি তেওঁ মুম্বাইলৈ ৰাওনা হ’ব ।

তেওঁ অমৃতসৰৰে বাসিন্দা । ২০১১ত হৰমনদ্বীপে অমৃতসৰৰ চৰকাৰী মেডিকেল কলেজ হাস্পতালৰ পৰা এমবিএছ উত্তীৰ্ণ হয় ।

ইয়াৰ পাছৰ পৰাই তেওঁ নিউয়ৰ্কত থাকিবলৈ লয় । সৰুৰ পৰা সেৱামূলক মনোভাৱ লৈয়ে ডাঙৰ হৈছে হৰমনদ্বীপে । তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকীয়ে চিকিৎসক । মাতৃ স্ত্ৰী ৰোগ বিশেষজ্ঞ আছিল আৰু পিতৃ অস্থি বিশেষজ্ঞ । হৰমনদ্বীপ এনিষ্ঠেচিঅ’লজিষ্ট আৰু ক্ৰিটিকেল কেয়াৰ বিশেষজ্ঞ । ২০১১ত তেওঁৰ মাতৃৰ বিয়োগ ঘটে । মাতৃৰ পৰাই তেওঁৰ সেৱামূলক মনোভাৱ সৃষ্টি হৈছে বুলি জনায় তেওঁ ।

Exit mobile version