তকটেৰ উদ্বেগৰ মাজতে ভূমিকম্প গুজৰাটৰ সৌৰাষ্ট্ৰত

ঘূৰ্ণিবতাহ তকটেৰ আশংকাৰ মাজতে ভূমিকম্প গুজৰাটত । আজি পুৱা চাৰে তিনি বজাত ৰাজকোটসহ গুজৰাটৰ সৌৰাষ্ট্ৰৰ এক বৃহৎ অঞ্চল কঁপি উঠে । অৱশ্যে এই কম্পনত বিশেষ কোনো ক্ষয়-ক্ষতি নহয় ।

নেছনেল চেণ্টাৰ ফৰ ছিছম’লজিয়ে জনায়, সোমবাৰে ৩:৩৭ বজাত ভূমিকম্প হয় । ৰাজকোটৰ দক্ষিণ ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ । ভূমিকম্পৰ কম্পনৰ তীব্ৰতা অতি বেছি নাছিল । ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা ৩.৮ । মূলতঃ গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলত কম্পন অনুভূত হয় । লগতে, উনা আৰু ৰাজুলাতো ভূমিকম্প অনুভূত হয় ।

সোমবাৰে নিশা গুজৰাটৰ উপকূলত ঘূৰ্ণিবতাহ অহাৰ সম্ভাৱনা আছে । নিশা আঠ বজাৰ পৰা ১১ বজাৰ ভিতৰত দুশ কিলোমিটাৰ বেগত গুজৰাটত আহিব পাৰে ঘূৰ্ণিবতাহ । ইয়াকে লৈ উদ্বিগ্ন হৈ আছে গুজৰাটবাসী আৰু প্ৰশাসন । তেনে পৰিস্থিতিতে ভূমিকম্প‌ই উদ্বিগ্নতা বৃদ্ধি কৰিছে ।

Exit mobile version