বজাৰত উপলব্ধ হ’ল ডিআৰডিঅ’ৰ ক’ভিড ঔষধ

উন্মোচন কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে

vvf861v drdo

ক’ভিড চিকিৎসাত ব্যৱহাৰৰ বাবে ২-ডিঅক্সি-ডি-গ্লুক’জ (২-ডিজি) প্ৰস্তুত কৰিছে ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেছন (ডিআৰডিঅ’)ই । আজি ঔষধবিধ আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে । ইয়াৰ পাছতেই বিভিন্ন হাস্পতালত প্ৰেৰণ কৰা হয় ২-ডিজিৰ ১০ হেজাৰ পেকেট ।

২-ডিজি এক প্ৰকাৰৰ থেৰাপিউটিক প্ৰয়োগ যিয়ে, ক’ভিড ৰোগীসকলক সুস্থ হোৱাত সহায় কৰে । ক্লিনিকেল ট্ৰায়েলত পৰিলক্ষিত হৈছে যে, এই ঔষধে হাস্পতালত ভৰ্তি হৈ থকা কোভিড ৰোগীক দ্ৰুত সুস্থ হোৱাত সহায় কৰে । উপসৰ্গ হ্ৰাস কৰাটো সহায় কৰে । ২-ডিজিৰে চিকিৎসা কৰা ক’ভিড ৰোগীসকলৰ অক্সিজেনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হৈছে বুলি দাবী কৰা হয় প্ৰতিবেদনত ।

হায়দৰাবাদৰ ৰেড্ডিজ লেবৰেটৰীৰ স’তে যৌথভাৱে ২-ডিজি প্ৰস্তুত কৰিছে ডিআৰডিঅ’ৰ পৰীক্ষাগাৰ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড ছাইন্স (ইনমাছ)এ । এই ঔষধ পেকেটত পাউদাৰ হিচাপে উপলব্ধ হ’ব । ইয়াত পানীৰ স’তে মিহি কৰি সেৱন কৰিব লাগে । এই ঔষধে মানুহৰ শৰীৰত ভাইৰাছ বিয়পি পৰাত আৰু বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে । সেয়ে কৰ’নাৰ বিৰুদ্ধে যুঁজত ২-ডিজি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

https://twitter.com/DRDO_India/status/1390961209776623618?s=20

২০২০ৰ এপ্ৰিলত বিজ্ঞানীসকলে ঔষধবিধক পৰীক্ষাগাৰত কৰ’না ভাইৰাছৰ বিৰুদ্ধে কাম কৰা পৰিলক্ষিত কৰিছিল । বিগত বৰ্ষৰ অক্টোবৰত ইয়াৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ কৰা হয় ১৭ খন হাস্পতালত । এই পৰীক্ষণত সাফল্যতা লাভ কৰাৰ পাছতে বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ মাৰ্চলৈকে তৃতীয় পৰ্যায়ৰ পৰীক্ষণ কৰা হয় ।

দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু তামিলনাডুত মুঠ ২৭ টকা ক’ভিড হাস্পতালত তৃতীয় পৰ্যায়ৰ পৰীক্ষণ কৰা হয় । পৰীক্ষণৰ বিস্তাৰিত প্ৰতিবেদন ডিচিজিআইক জমা দিয়াৰ পাছতে জৰুৰীকালীন ব্যৱহাৰৰ বাবে ‌অনুমোদন পত্ৰ প্ৰদান কৰা হয় ।

Exit mobile version