অগ্নিকাণ্ডৰ আতংকত ছয় মহলাৰ পৰা জাঁপ মাৰিও সুস্থ হৈ ৰ’ল মেকুৰী

image 1

কথাতে কয় যে ‘ৰাখে হৰি মাৰে কোনে ?’ নহ’লেনাে বাৰু ছয় মহলাৰ পৰা জাঁপ মাৰিও কাৰাবাৰ প্ৰাণ ৰক্ষা পৰেনে ? কেনেবাকৈ মৃত্যু নহ’লেও আঘাত গুৰুতৰ হােৱাটো নিশ্চিত।

ADVERTISEMENT

অৱশ্যে সম্প্রতি ভাইৰেল হােৱা চিকাগােৰ এটা ভিডিঅ’ দেখিলে সকলােৰে ধাৰণা সলনি হ’ব পাৰে। ভিডিঅ’টোত দেখা গৈছে, চিকাগােৰ এটা কে’বা মহলীয়া বিল্ডিঙৰ এটা অংশত জুই জ্বলিছে।

তাৰ পৰা নিৰ্গত হৈছে কলা ধোঁৱা। কে’বা মহলীয়া ভৱনটোৰ বহু কাঁচো ভাঙি পৰা দেখা গৈছে। কিন্তু ভিডিঅ’ৰ শেষৰ ফালে আছিল বিৰাট চমক। হঠাৎ দেখা গ’ল এটা ক’লা ৰঙৰ মেকুৰীয়ে ভৱনৰ ষষ্ঠ মহলাৰ খিৰিকীত জাঁপ মাৰি উঠে।

ইয়াৰ পাছতে ছয় মহলাৰ পৰা জাঁপ দি তলৰ ঘাঁহনিত আহি পৰিল মেকুৰীটো। অথচ মৃত্যুতাে দূৰৰে কথা, ক’তাে আঘাত পােৱাও পৰিলক্ষিত নহ’ল। বৰঞ্চ মাটিত পৰাৰ লগে লগে প্রাণৰক্ষাৰ আনন্দত মেকুৰীটোৱে সেই স্থানৰ পৰা দৌৰি পলায়ন কৰে।

চিকাগােৰ এজন অগ্নিনির্বাহক কর্মীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। লগে লগে ই ভাইৰেল হৈ পৰে। লগতে উঠে লাইক, কমেন্টৰ ধুমুহা। এইদৰেও যে ৰক্ষা পাব পাৰি, সেয়া বহুতেই বিশ্বাস কৰিব পৰা নাই। কোনাে কোনােৱে মেকুৰীটোক ‘কেট হিৰাে’ বুলিও অভিহিত কৰিছে।

Exit mobile version