ছিংগাপুৰৰ নতুন ভাইৰাছে ভাৰতত তৃতীয় ঢৌৰ সৃষ্টি কৰিব পাৰে, কেন্দ্ৰক সতৰ্ক কৰিলে মুখ্যমন্ত্ৰী কেজৰিৱালে

Dharavi 696x392 1

ছিংগাপুৰত কৰ’না ভাইৰাছৰ এক নতুন প্ৰজাতিৰ সন্ধান পোৱা গৈছে । যিয়ে ভাৰতত সংক্ৰমণৰ তৃতীয় ঢৌৰ সৃষ্টি কৰিব পাৰে আশংকা প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । মংগলবাৰে তেওঁ এই বিষয়ত কেন্দ্ৰক সতৰ্কবাণী দিয়ে । মুখ্যমন্ত্ৰীগৰাকিয়ে শীঘ্ৰে ছিংগাপুৰৰ পৰা ভাৰতত বিমান চলাচল বন্ধ‌ কৰাৰো প্ৰস্তাৱ দিয়ে কেন্দ্ৰক ।

আজি ভাইৰাছৰ এই নতুন প্ৰকাৰ সম্পৰ্কে সতৰ্ক কৰি এটা টুইট কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে । তেওঁ টুইটত লিখে, ‘কৰ’নাৰ এই নতুন প্ৰজাতি শিশুৰ বাবে অতি ক্ষতিকাৰক । ছিংগাপুৰত এই নতুন প্ৰজাতিৰ সন্ধান পোৱা গৈছে ।’

এই বিষয়ত সতৰ্ক থাকিবলৈ প্ৰধানমন্ত্ৰীক তেওঁৰ পৰামৰ্শ, ‘এইবাৰ দেশৰ শিশুসকলৰ দ্ৰুতগতিত কৰ’না টিকাকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে কেন্দ্ৰ‌ই ।’

নতুন ভাইৰাছবিধ যাতে কোনো কাৰণতে ছিংগাপুৰৰ পৰা ভাৰতত বিয়পি নপৰে তাৰ বাবে বিমান সেৱা বন্ধ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । টুইটাৰত কেন্দ্ৰক সতৰ্ক কৰি তেওঁ লিখে, ‘কেন্দ্ৰক মোৰ অনুৰোধ, দয়া কৰি অতি শীঘ্ৰে ছিংগাপুৰৰ পৰা ভাৰতলৈ অহা বিমান সেৱা বন্ধ কৰক কেন্দ্ৰ‌ই ।’ তেওঁৰ আশংকা ভাইৰাছৰ নতুন প্ৰকাৰ ভাৰতত সংক্ৰমণ হ’লে ই দেশত তৃতীয় ঢৌৰ সৃষ্টি কৰিব ।

Exit mobile version