তাউতেত উত্তাল সমুদ্ৰ, মাজনিশা বাৰ্জৰ পৰা শতাধিক যাত্ৰীক উদ্ধাৰ নৌসেনাৰ

QT Indian Navy 1

ঘূৰ্ণিবতাহ তাউতেৰ ৰোষত পৰি সমুদ্ৰত উটি যোৱা এটা বাৰ্জক চৰম বিপদৰ পৰা ৰক্ষা কৰিলে ভাৰতীয় নৌসেনাই । মংগলবাৰে গুজৰাটৰ উপকূলত অতি শক্তিশালী ঘূৰ্ণীবতাহ তাউতে অহাৰ কেইঘণ্টামানৰ পূৰ্বে আৰৱ সাগৰত বিপজ্জনকভাৱে যাত্ৰীবাহী এটা বাৰ্জে উটি যায় । নৌসেনাই ১৪৬ জনক উদ্ধাৰ কৰে । ঘূৰ্ণিবতাহৰ সন্মুখীন হৈও শতাধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিল ।

সোমবাৰে সন্ধিয়া ভাৰতীয় সেনাই খবৰ লাভ কৰে যে, আৰৱ সাগৰত দুটা বাৰ্জ বিপদত পৰিছে । বাৰ্জটোত ৪১০ জন যাত্ৰী আছে । খবৰ লাভ কৰাৰ মাত্ৰকে আইএন‌এছ কৰা কলিকতা, আইএন‌এছ কোচি আৰু আইএন‌এছ তলোৱাৰক উদ্ধাৰ কাৰ্যৰ বাবে নিৰ্দেশ দিয়া হয় ।

ঘূৰ্ণিবতাহৰ মাজতে নিশাজুৰা উদ্ধাৰকাৰ্য চলাই সেনাৰ দলে । নৌসেনা বাহিনীয়ে জনায় যে, ১৪৬ জনক উদ্ধাৰ কৰা হৈছে । আন এক উদ্ধাৰ কাৰ্যত এক বৃহৎ নৌকাৰ পৰা দুজনক উদ্ধাৰ কৰা হয় ।

Exit mobile version