আমেৰিকাৰ ডিজিজ কণ্ট্ৰ’লৰ ক’ভিড নিৰ্দেশনা অবৈজ্ঞানিক, দাবী ভাৰতীয় গৱেষকৰ

https specials

আমেৰিকাৰ ‘দ্য চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেন্সন’এ বিগত সপ্তাহত জনায় যে, টিকাকৰণ হৈ যোৱাৰ পাছত সকলোৱে মাস্ক পৰিধান নকৰাকৈ বাহিৰত ওলাব পাৰে । সম্প্ৰতি এই ঘটনাই বিতৰ্কৰ সৃষ্টি কৰিছে । এই বিষয়ত ভাৰতীয় গৱেষকে জনায় যে, এই ঘোষণা সম্পূৰ্ণ অবৈজ্ঞানিক । ভাৰতত এনেধৰণৰ ঘোষণা কৰা সম্ভৱ নহয় ।

১৭ মে’ পৰ্যন্ত আমেৰিকাত ১৮ বছৰৰ ঊৰ্ধ্বৰ ৪৭.৪ শতাংশ লোকৰ টিকাকৰণ সম্পূৰ্ণ হৈছে । এই সন্দৰ্ভত ইণ্ডিয়ান মেডিকেল এছোছিয়েছন (আইএম‌এ)ৰ সভাপতি জে এ জয়লালে কয়, ‘কোনো দেশৰ অন্ততঃ ৭০ শতাংশ নাগৰিকক প্ৰতিষেধক প্ৰদান কৰাৰ পাছতহে হাৰ্ড ইমিউনিটী প্ৰস্তুত হয় । সেয়ে ভাৰতত এনেধৰণৰ কোনো ঘোষণা সম্ভৱ নহয় । কাৰণ, এই সিদ্ধান্তৰ কোনো বৈজ্ঞানীক ব্যাখ্যা নাই ।’

ভাৰতত সম্প্ৰতি ভাইৰাছৰ অধিক সংক্ৰামক প্ৰজাতিৰ সংক্ৰমণ হৈছে বুলি জনায় জয়লালে । তেওঁ কয়, ‘ভাৰতত পৰিলক্ষিত হোৱা কৰ’নাৰ প্ৰজাতি অতি শক্তিশালী । সম্প্ৰতি যি প্ৰতিষেধক প্ৰদান কৰা হৈছে ই পূৰ্বৰ প্ৰজাতিৰ ক্ষেত্ৰত ৭০-৮০ শতাংশ কাৰ্যকৰী আছিল আৰু বৰ্তমানৰ প্ৰজাতিৰ ক্ষেত্ৰত ৪০-৫০ শতাংশ কাৰ্যকৰী । সেয়ে দুপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ অৰ্থ ভাইৰাছৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণ সুৰক্ষিত নহয় ।’

সংক্ৰমণ আৰু টিকাকৰণৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ তুলনা কৰা সম্ভৱ নহয় জনায় আইএম‌এ । তেওঁলোকে জনায় যে, দুয়োখন দেশৰ জনসংখ্যা, ভাইৰাছ আৰু প্ৰতিষেধকৰ প্ৰকৃতি, জনসাধাৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেই নহয় । সেয়ে দুয়োখন দেশত একেই ধৰণৰ নিয়ম কাৰ্যকৰী নোহোৱাটো স্বাভাৱিক ।

Exit mobile version