ধনাঢ্য ব্যক্তিৰ তৃতীয় স্থানলৈ অৱনমিত এলন মাস্ক, শীর্ষস্থানত এমেজনৰ বেজছ

elon musk tesla reuters 1200

বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত তৃতীয়স্থানলৈ অৱনমিত হ’ল টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কৰ নাম। ব্লুমবার্গ বিলিয়নেৰ ইনডেক্সৰ তালিকাত ধনাঢ্য ব্যক্তিৰ তালিকাত এইবাৰ তৃতীয় স্থান লাভ কৰিলে টেছলাৰ স্বত্বাধিকাৰীজনে।

ADVERTISEMENT

উল্লেখ্য যে ইয়াৰ পূর্বে মাস্কে এই তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল। টেছলাৰ শ্বেয়াৰ মূল্য সােমবাৰে দুই শতাংশ হ্রাস পাইছিল আৰু ইয়াৰ পৰিণতিত ধনাঢ্য ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান হেৰুৱালে মাস্কে।

তালিকাত মাস্কক স্থানচ্যুত কৰি দ্বিতীয় স্থান দখল কৰিলে এলভি এম এইচৰ অধ্যক্ষ বার্ণাড আর্নেল্টে। ব্লুমবার্গৰ তথ্য অনুসৰি ১৬১ বিলিয়ন ডলাৰৰ সম্পত্তিৰে আর্নেল্টে বিশ্বৰ দ্বিতীয়গৰাকী ধনাঢ্য ব্যক্তিৰ স্বীকৃতি লাভ কৰিলে।

ব্লুমবার্গৰ ধনাঢ্য ব্যক্তিৰ তালিকাত ১৯০ বিলিয়ন ডলাৰৰ সম্পত্তিৰে শীর্ষস্থানত আছে এমেজনৰ মুৰব্বী জেফ বেজছ।

Exit mobile version