মানাহ ৰাষ্ট্ৰীয় উদ্যানত গৰ্ভৱতী গঁড়ৰ মৃত্যু

WhatsApp Image 2020 10 03 at 12.38.08 PM

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এজনী গৰ্ভৱতী গঁড়ৰ মৃত্যু ৷ মাত্ৰ কিছুদিন পূৰ্বে পবিতৰাৰ পৰা মানাহলৈ স্থানান্তৰ কৰা গঁড়জনী উদ্যানখনৰে মতা গঁড়ৰ আক্ৰমণত অনাকাংক্ষিতভাবে মৃত্যুমুখত পৰিবলগা হোৱা ঘটনাই উদ্যানখনৰ বিষয়া কৰ্মচাৰী,বনকৰ্মী,স্থানীয় স্বেচ্ছাসেৱী সংগঠন,জীপ চাফাৰী সন্থা,ডব্লিউডব্লিউএফ আদিৰ কৰ্মীক হতচকিত কৰি তোলাৰ লগতে সকলোৱে এই ঘটনাত দুখ প্ৰকাশ কৰিছে ৷

মানাহৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছে এই ঘটনাটো ৷ যোৱা নিশা উদ্যানখনত থকা মতা গঁড় এটাৰ আক্ৰমণত ২২ নম্বৰ মাইকী গঁড় জনীৰ মৃত্যু হোৱা বুলি বন কতৃপক্ষই জানিবলৈ দিছে ৷

মানাহৰ বাঁহবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্মই জানিবলৈ দিয়া মতে যোৱা ১৪ এপ্রিলত পবিতৰা অভয়াৰণ্যৰ পৰা মাইকী গঁড়জনীক অনা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৷ মানাহৰ বাবে এই গঁড়জনী নতুন আছিল বাবে উদ্যানখনত পূৰ্বৰেপৰা থকা মতা গঁড়ৰ আক্ৰমণত নিশ্চিত মৃত্যু হোৱাৰ কথা সদৰি কৰে বিষয়াগৰাকীয়ে ৷

আজি পুৱাৰ ভাগত ঘটনাস্থলীত উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা, উপ সঞ্চালক ৰঘুনাথ বড়ো, বাঁহবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম,চিকিৎসক প্ৰভাত বসুমতাৰীৰ লগতে ডব্লিউডব্লিউএফৰ নেতৃত্ব উপস্থিত হৈ ঘটনাৰ বুজ লয়৷

মৃত গঁড়জনীক মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে বনবিভাগৰ এটা সজাতি দলো পুৱাৰ ভাগতেই আহি উপস্থিত হয় ঘটনাস্থলীত ৷ গঁড়জনীৰ মৃত্যুৰ লগে লগে মানাহত গঁড়ৰ সংখ্যা ৪৭ টালৈ হ্ৰাস পালে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ক্ষেত্ৰ সঞ্চালক অমল কুমাৰ শৰ্মাই কয়, পুৰণি মতা গঁড়বোৰে বিশেষকৈ নতুনকৈ অহা মাইকী গঁড়বোৰক সহজতে গ্ৰহণ নকৰে ৷

তাৰ বাবে মাজে মাজে নতুনবোৰক আক্ৰমণ কৰে পূৰ্বৰেপৰা থকা গঁড়বোৰে ৷মানাহৰ কোনটো গঁড়ে আক্ৰমণ কৰিছে সেইয়া আমি চাম ৷ এইয়া বৰ দুখ লগা ঘটনা ৷ এনেকুৱা ঘটনা যাতে আগলৈ মানাহত সংঘটিত হ’বলৈ নোৱাৰে তাৰ বাবে আমি সদা সতৰ্ক থাকিম ৷

উল্লেখ্য যে, মৃত্যু হোৱা গঁড়জনী প্ৰাপ্তবয়স্ক গৰ্ভৱতী আছিল আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত এটা মৃত পোৱালীও পোৱা গৈছে গঁড়জনীৰ পেটত ৷

Exit mobile version