গোসাঁইগাওঁ আৰু শ্ৰীৰামপুৰত ধাবা আৰু পেট্রল পাম্পৰ কৰ্মচাৰী সকলৰ ক’ভিড টেষ্ট সম্পন্ন

WhatsApp Image 2021 05 19 at 6.37.04 PM

গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত গোসাঁইগাওঁ আৰু শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা প্ৰতিটো ধাবা আৰু পেট্রল পাম্পৰ কৰ্মচাৰীৰ ক’ভিড টেষ্ট কৰা হয়।

কাৰ্যকাৰী আয়ুক্ত প্ৰিয়াংকৰ প্ৰতিম ডেকা, খাদ্য আৰু অসামৰিক যোগান বিভাগ, মোবাইল মেডিকেল টিম ৰ নেতৃত্বত আৰম্ভ হোৱা এই কাৰ্যসূচী যোৱা ১১,১২ আৰু ১৮ মে তিনি দিনলৈকে চলে।

তিনিদিনলৈকে হোৱা এই কাৰ্যসূচীত গোসাঁইগাওঁ আৰু শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা প্ৰতিটো ধাবা আৰু পেট্রল পাম্পক সামৰি লোৱা হয়।

গোসাঁইগাওঁৰ মহকুমাধিপতি পল্লৱী সৰকাৰে জানিবলৈ দিয়া মতে গোসাঁইগাওঁ আৰু শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা ৩০ টা ধাবা আৰু পেট্রল পাম্পৰ মুঠ ২০৫ জনৰ ক’ভিড ৰেপিড এন্টিজেন টেষ্ট কৰা হয়।

তাৰে চাৰি জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে আৰু তেখেতসকলক হোমআইচলেচনত ৰখা হৈছে আৰু ইতিমধ্যে শ্ৰীৰামপুৰৰ পাঞ্জাবী ধাবাখন কনটেন্টমেনজন হিচাপে ঘোষনা কৰাৰ লগতে ছেনিটাইজেশন কৰা ব্যবস্থা গ্রহণ কৰা হৈছে।

লগতে গোসাঁইগাওঁৰ মহকুমাধিপতি পল্লৱী সৰকাৰে সকলো ৰাইজক ক’ভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়।

Exit mobile version