ৰাছিয়ালৈ গৈ প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে ভ্ৰমণ, এই অভিনৱ সুযোগ আগবঢ়াইছে দিল্লীৰ এটা পৰ্যটন সংস্থাই

SputnikV

বিদেশলৈ গৈ প্ৰতিষেধক গ্ৰহণ কৰক । লগতে, দুপালি প্ৰতিষেধকৰ ব্যৱধানত বিদেশ ভ্ৰমণ কৰক । এই প্ৰস্তাৱ আগবঢ়াইছে দিল্লীৰ এক পৰ্যটন সংস্থা‌ই ।

শেহতীয়াকৈ ভাৰতত ৰাছিয়াৰ ক’ভিড প্ৰতিষেধক স্পুটনিক-ভিৰ ব্যৱহাৰ আৰম্ভ হৈছে । ৰাছিয়াৰ এই প্ৰতিষেধক গ্ৰহণ কৰিবৰ বাবে বহু লোকে আগ্ৰহো প্ৰকাশ কৰিছে । স্পুটনিক-ভি প্ৰতিষেধকৰ ভাৰতীয়সকলৰ মাজত বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ এক পৰ্যটন সংস্থাই মস্কোৰ এটা পেকেজ ট্যুৰৰ সুযোগ প্ৰদান কৰিছে । ২৪ দিনীয়া এই পেকেজ ট্যুৰত প্ৰতিষেধকৰ লগতে পৰ্যটনৰো ব্যৱস্থা কৰা হৈছে । ইয়াৰ বাবে ব্যয় কৰিব লাগিব এক লাখ ৩০ হেজাৰ টকা ।

স্পুটনিক-ভিৰ প্ৰথম আৰু দ্বিতীয় প্ৰতিষেধকৰ ব্যৱধানৰ সময়তে পৰ্যটনস্থলসমূহ ভ্ৰমণ কৰোৱা হ’ব । পৰ্যটন সংস্থাৰ এজন অধিকাৰীয়ে জনায়, মস্কোত গৈ পোৱাৰ প্ৰথম দিনাখনেই প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰা হ’ব । ইতিমধ্যে ৩০ জনীয়া এটা দলক যোৱা ১৫ মে’ত মস্কোলৈ লৈ যোৱা হৈছে । এই দলৰ অধিক সংখ্যকেই গুৰুগ্ৰামৰ চিকিৎসক ।

অধিকাৰীজনে লগতে জনায় যে, প্ৰথম দলটোক প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । আগন্তুক ২৯ মে’ত দ্বিতীয়টো দল যাব । ইতিমধ্যে সম্পূৰ্ণ বুক হৈ গৈছে । এই দলত দিল্লীৰ এটা চিকিৎসকৰ দল আছে । আগন্তুক জুনত পৰৱৰ্তী দলে ৰাওনা কৰিব ।

পৰ্যটন সংস্থাটোৱে জনায় যে, প্ৰথম দলটোৱে আৰম্ভণিৰ তিনি দিন চেণ্ট পিটাৰ্ছবাৰ্গত থাকিব । বাকী দিনসমূহ মস্কোতেই কটাব পৰ্যটকসকলে । ৰাছিয়ালৈ গৈ প্ৰতিষেধক গ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাছিয়াই । ইয়াৰ বাবে কেৱল আৰটিপিচিআৰ নিগেটিভ ৰিপ’ৰ্টৰ প্ৰয়োজন । কোৱাৰেণ্টাইনত থকাৰো কোনো প্ৰয়োজন নাই ।

Exit mobile version