কৰ’নাত আক্ৰান্ত এছিয়ান গেমছত দুবাৰ স্বৰ্ণ জয়ী মিলখা সিং

milkha singh 4

ক’ভিড-১৯ত আক্ৰান্ত মিলখা সিং । বুধবাৰে সন্ধিয়া তেওঁৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰে । বৃহস্পতিবাৰে মিলখাই জনায় যে, তেওঁৰ অৱস্থা সম্প্ৰতি স্থিতিশীল । তেওঁ চণ্ডীগড়ত কোৱাৰেণ্টাইনত আছে । অৱশ্যে ক’ভিডক অলপো ভয় নকৰে এছিয়ান গেমছৰ দুবাৰ স্বৰ্ণ পদক জয়ী মিলখাই ।

এক ৱেবছাইটত খেলুৱৈজনে লিখে, ‘বুধবাৰে সন্ধিয়া জগিং কৰি উভতি আহি গ’ম পাওঁ যে, মোৰ ৰিপ’ৰ্ট পজিটিভ । কিন্তু মোৰ শৰীৰত কোনো উপসৰ্গ নাই । সম্পূৰ্ণ সুস্থ হৈ আছো । চিন্তাৰ কোনো কাৰণ নাই । যোৱা কালি সন্ধিয়া সামান্য জ্বৰ উঠিছিল । কিন্তু সম্প্ৰতি সেইটোও কমিছে । কিছুদিনৰ বিষয় । আশা কৰোঁ সকলোৱে শীঘ্ৰে সুস্থ হৈ উঠিব ।’

৯১ বছৰীয়া মিলখাই এই পৰ্যন্ত ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা নাই । অৱশ্যে ক’ভিড মুক্ত হোৱাৰ পাছতে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে । তেওঁ কয়, ‘প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা পূৰ্বে বুজি পোৱা নাছিলো । এতিয়া বুজিলো প্ৰতিষেধক গ্ৰহণ কৰা অতি প্ৰয়োজনীয় । প্ৰত্যেককে অনুৰোধ, তথা সম্ভৱ শীঘ্ৰে প্ৰতিষেধক গ্ৰহণ কৰক । সমগ্ৰ দেশৰ মৰম আৰু আশীৰ্বাদত ম‌ই শীঘ্ৰে সুস্থ হৈ যাম ।’ কিছু বছৰ পূৰ্বে মিলখা আৰু তেওঁৰ পুত্ৰ জীবে ক’ভিড ত্ৰাণত দুই লাখ টকা দিছিল । সম্প্ৰতি জীব ডুবাইত আছে । তেওঁ শনিবাৰে ভাৰতত উভতিব ।

Exit mobile version