ঘৰতে থাকি কৰক ক’ভিড পৰীক্ষণ, অৱশ্যে এই কিট ব্যৱহাৰ কৰিব নোৱাৰিব সকলোৱে

pti05072021000068a1 987762 1621454687

ঘৰতে ক’ভিড পৰীক্ষণ কৰাৰ সুবিধা প্ৰদান কৰিলে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ (আইচিএম‌আৰ)এ । ৰেপিড এণ্টিজেন টেষ্টিং (ৰেট) কিটক বুধবাৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে আইচিএম‌আৰ-এ । কোনে এই কিট ব্যৱহাৰ কৰিব পাৰিব আৰু কেনেকৈ ব্যৱহাৰ কৰিব সেই বিষয়েও বিস্তাৰিত নিৰ্দেশ দিছে সংস্থাটোৱে ।

আইচিএম‌আৰ-এ জনায়, শৰীৰত ক’ভিডৰ লক্ষ্যণ থকা লোকে এই পৰীক্ষণ কৰিব পাৰিব । লেবৰেটৰীৰ ক’ভিড পৰীক্ষণত ক’ভিড পজিটিভ ব্যক্তিৰ সংস্পৰ্শত অহা লোকসকলেও ঘৰতে এই পৰীক্ষণ কৰিব পাৰিব । অৱশ্যে নিৰ্বিচাৰে যিকোনো ব্যক্তিয়ে যাতে এই কিটৰ জৰিয়তে পৰীক্ষণ নকৰে তাৰো উপদেশ দিছে আইচিএম‌আৰ-এ ।

ৰেপিড এণ্টিজেন টেষ্টিঙৰ এই কিটৰ নাম ক’ভিছেল্ফটিএম (পেথ’কেচ) । পুনেৰ মাইলেব ডিস্ক’ভাৰী ছ’লিউছন লিমিটেডে এই কিটটো প্ৰস্তুত কৰিছে । ইয়াৰ জৰিয়তে কেনেকৈ পৰীক্ষণ কৰা হয় সেই বিষয়ে বিস্তৃতভাৱে জনোৱা হৈছে এই সংক্ৰান্ত মোবাইল এপত । গুগল প্লে আৰু এপল ষ্ট’ৰত এপটো উপলব্ধ হ’ব বুলি জনাইছে আইচিএম‌আৰ-এ । কৰ’না পৰীক্ষণ বিষয়ক তথ্য প্ৰত্যক্ষভাৱে এক সুৰক্ষিত ছাৰ্ভাৰত যুক্ত হ’ব । সেই ছাৰ্ভাৰ আইচিএম‌আৰ-ৰ ক’ভিড পৰীক্ষণ প’ৰ্টেলৰ স’তে জৰিত হৈ আছে ।

ঘৰত কৰ’না পৰীক্ষণ কৰাৰ সন্দৰ্ভত আইচিএম‌আৰ-এ কয়, ‘এই পৰীক্ষণত পজিটিভ অহা লোকসকলক, ক’ভিড পজিটিভ হিচাপেই গণ্য কৰা হ’ব । কিন্তু যিসকলৰ লক্ষ্যণ থকাৰ পাছতো ফলাফল নিগেটিভ আহে, তেওঁলোকে আৰটিপিচিআৰ পৰীক্ষণো কৰাব লাগিব ।’

কৰ’নাৰ দ্বিতীয় ঢৌত ভাৰতত সংক্ৰমিতৰ হাৰ বিপুল হাৰত বৃদ্ধি পাইছে । সেয়ে পৰীক্ষণ কৰোৱাৰ ক্ষেত্ৰত বহুতে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । চাপ বাঢ়ি যোৱাৰ ফলত পৰীক্ষণৰ ফলাফল আহোঁতেই বহুত পলম হৈ যায় । সেয়ে পৰিস্থিতিৰ স’তে যুঁজ দিবৰ বাবে আইচিএম‌আৰ-এ এই পদক্ষেপ গ্ৰহণ কৰিছে । সম্প্ৰতি হয়তো এই কিট বজাৰত উপলব্ধ নহ’ব । ইয়াৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব ।

Exit mobile version