দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান সহজ ঘৰুৱা উপায়

Toothache

টিঁয়হ

টিয়হক ভালদৰে ধুই নিমখৰ লগতে খালেও দাঁত বিষ কম হয় ৷ টিঁয়হ খালে দাঁত বিষৰ লগতে ফুলি থকা দাঁতৰ আলুৰ সমস্যা দূৰীকৰণৰ ক্ষেত্ৰতো সহায়ক হয় ৷

গ্ৰীণ টি

সকলোৱে জানো যে গ্ৰীণ টি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু ই আমাৰ দাঁতৰ বিষতো বহুত উপকাৰী৷ গ্ৰীণ টিত লীবজ কুল থাকে আৰু ইয়াত টেনিন এছিড, কেটছিন আদি থাকে৷ দাতৰ বিষ হ’লে তিনিটামান চাহপাতৰ কলি ভালদৰে পৰিষ্কাৰ কৰি পাঁচমিনিটমান চুবাই থাকিব লাগে আৰু দিনটোত এই প্ৰক্ৰিয়াটো তিনিবাৰকৈ কৰিলে দাত বিষৰ পৰা হাত সাৰিব পাৰি৷

নহৰু

নহৰুত এণ্টি বায়টিক দ্ৰব্য পোৱা যায়৷ দাঁত বিষত বেছিকৈ ব্যৱহাৰ কৰা আটাইতকৈ ঔষধবোৰৰ ক্ষেত্ৰত নহৰুৱে প্ৰধান৷ নহৰুৰ পাউদাৰ বা নহৰু পিচি নিমখৰ লগত মিহলাই দাঁত বিষ হোৱা অংশত পাঁচমিনিটত সময় লগাই থ’লে তাৎক্ষণিক সুফল পোৱা যায়৷

আলু

আলুত সেইবোৰ সকলো তত্ত্ব পোৱা যায় যি দাত বিষ নিৰ্মূলৰ বাবে সহায়ক হয়৷ দাত বিষ হ’লে এটা কেচা আলু চোবাই দিলে দাঁত বিষৰ পৰা তাৎক্ষণিক পৰিত্ৰাণ পাব পাৰি৷

মধুৰিৰ কলি বা পাত

মধুৰিৰ কলি বা পাত পিচি বা চোবাই দিলে দাঁত বিষৰ পৰা তাৎক্ষণিক পৰিত্ৰাণ পোৱা যায়৷ মধুৰি পাতত এণ্টি বেক্টেৰিয়েল প্ৰোপটীজ পোৱা যায় যি দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে ৷

Exit mobile version