ছিংগাপুৰ-আৰৱত ১২-১৫ বছৰীয়া কিশােৰক দিয়া হ’ব প্রতিষেধক

Girl Vaccination from Doc 767x512 1

আমেৰিকা আৰু কানাডাৰ পাছত এইবাৰ ছিংগাপুৰ আৰু সংযুক্ত আৰৱ এমিৰেটে ১২-১৫ বছৰ বয়সীয়া কিশােৰ-কিশােৰীক ফাইজাৰ-বায়’নটেকৰ কৰ’না প্রতিষেধক প্রদানত অনুমতি দিলে।

উল্লেখ্য যে ইউৰােপীয়ান মেডিকেল এজেন্সীয়েও শিশুক ফাইজাৰৰ প্ৰতিষেধক প্ৰদানৰ কথা বিবেচনা কৰিছে। যােৱা বছৰৰ তুলনাত চলিত বৰ্ষত শিশুসকল ক’ভিডত অধিক সংক্রমিত হােৱাৰ প্ৰতি লক্ষ্য ৰাখি ছিংগাপুৰ আৰু সংযুক্ত আৰৱ ৰাষ্ট্ৰই ১২-১৫ বছৰ বয়সীয়া লােকসকলৰ টিকাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লে।

ছিংগাপুৰৰ বৰ্তমানলৈকে ফাইজাৰৰ প্রতিষেধক ১৬ আৰু ততােধিক বয়সৰ লােকক দিয়া হৈছিল। কিন্তু এইবাৰ ছিংগাপুৰে ১২-১৫ বছৰ বয়সৰ সকলাে লােকক ফাইজাৰৰ প্ৰতিষেধক প্ৰদান কৰিব। ইফালে, সংযুক্ত আৰৱ ৰাষ্ট্ৰয়াে ১২-১৫ বছৰ বয়সৰ লােকক ফাইজাৰ প্রতিষেধক প্রদানত অনুমােদন জনালে।

Exit mobile version